বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত ৰাজেন্দ্ৰ নিমোদিয়াৰ ৰাজহুৱা সম্বৰ্দ্ধনাঃ ত্ৰিশটাৰো অধিক সংগঠনৰ ৰাজহুৱা সম্বৰ্দ্ধনা প্ৰদানঃ

কাজিৰঙা লাইভ, বোকাখাত, ২৯ ছেপ্তেম্বৰঃ
আজি বোকাখাত সত্যনাৰায়ণ সেৱা সদনত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন্দ্ৰ (ৰাজু) নিমোদিয়াৰ অভিনন্দন গ্ৰন্থ ‘কৰ্মপ্ৰাণ’ৰ উন্মোচনী আৰু ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰাজেন্দ্ৰ নিমোদিয়াৰ মাতৃ তাৰামণি নিমোদিয়াই । শিল্পীদ্বয় ক্ৰমে দিব্যজোতি হাজৰিকা আৰু ৰূপা হাজৰিকাৰ বাদ্যসংগত বৰ্ষাগ্নি ডেকাৰ বৰগীত পৰিৱেশনেৰে অনুষ্ঠানৰ আৰম্ভণি হয় । কাজিৰঙা নিউজ নেটৱৰ্কৰ সম্পাদক প্ৰদ্যুত মহন্ত আৰু সাংবাদিক মহেশ আগৰৱালাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ক্ৰমে বিশিষ্ট লেখক তথা জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া, বিশিষ্ট লেখিকা তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা অন্নদা শইকীয়া, বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী আদিয়ে বক্তব্য প্ৰদান কৰে । ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত প্ৰথমে কাজিৰঙা নিউজ নেটৰ্ৱকে চেলেং, গামোচা, ৰাজস্থানী পাগুৰি, সম্বৰ্দ্ধনা পত্ৰৰে ৰাজেন্দ্ৰ নিমোদিয়াক সম্বৰ্দ্ধনা জনায় ৷ ইয়াৰ পাছতে বোকাখাত নাট্য মন্দিৰ, পুৱতি সাহিত্য সভা, ইমজা, বোকাখাত, বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব, নুমলীগড় আঞ্চলিক সাংবাদিক সন্থা, সন্ধানী লেখিকা সমাৰোহ সমিতি, শ্ৰীশ্ৰী সত্যনাৰায়ণ সেৱা সদন, ৰামদেৱ মন্দিৰ সেৱা সমিতি, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতি, মাৰোৱাৰী যুৱ মঞ্চ, বোকাখাত শাখা, শ্ৰীশ্ৰী হনুমান জয়ন্তী মহোৎসৱ পালন সমিতি, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত জিলা মইনা পাৰিজাত, অখিল ভাৰতীয় মহিলা সন্মিলন, বোকাখাত শাখা, নিমোদিয়া পৰিয়ালবৰ্গ, ৰাষ্ট্ৰভাষা সেৱা সমিতি, বোকাখাত শাখা, হেপী হোম বিদ্যালয়, ৰ’জ ইংলিচ হাইস্কুল, সত্যনাৰায়ণ মন্দিৰ পৰিচালনা সমিতিকে আদি কৰি ত্ৰিশটাৰো অধিক সংগঠনৰ লগতে ব্যক্তিগতভাৱে গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি কল্পনা চেতিয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা সুৱৰ্ণ শইকীয়া বৰদলৈ, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় উপ-সভাপতি ধনীৰাম কুৰ্মী, অসম চৰকাৰৰ কৃতি শিক্ষক বঁটা প্ৰাপ্ত নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক মহেন শইকীয়া, বিশিষ্ট লেখিকা কবি নিজৰা বৰঠাকুৰ, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভাপতি পুতলী খাউণ্ড আদিয়ে ৰাজেন্দ্ৰ নিমোদিয়াক সম্বৰ্দ্ধনা জনায় ৷ সভাত সমাজকৰ্মী তথা ৰাজেন্দ্ৰ নিমোদিয়াৰ পত্নী বিমলা নিমোদিয়া, ভাতৃ চন্দ্ৰ নিমোদিয়া, বোৱাৰী স্বেতা নিমোদিয়া, কনিষ্ঠ পুত্ৰ তৰুণ নিমোদিয়া, জীয়ৰী খুছি নিমোদিয়া, তৃপ্তি, ভগ্নী লীলাৱতী গড়োৰীয়া, বোকাখাতৰ ৰ’জ ইংৰাজী হাইস্কুলৰ প্ৰধান শিক্ষক অজয় অধ্যাপক, বোকাখাত জিলা মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেন, ইমজা বোকাখাতৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, বাবা ৰামদেৱ মন্দিৰ উপসমিতি বোকাখাতৰ সম্পাদক অৰুণ চৌধুৰী, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি চৈয়দ আনিছুৰ ৰহমান, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, অজন্তা তালুকদাৰ, মনালিছা শইকীয়া, মৃদুস্মিতা শৰ্মা, পলিমা চেতিয়া বসুমতাৰী, কবি নাট্যকাৰ অমৰ শৰ্মা, সুদীপ্ত তামুলী, দিব্যজোতি হাজৰিকা, ৰোমান বৰুৱা, ধৰ্মেশ্বৰ হাজৰিকা, প্ৰাঞ্জল হাজৰিকাকে আদি কৰি কাজিৰঙা নিউজ নেটৱৰ্কৰ বিষয় ববীয়া আৰু সদস্য সকল, বোকাখাত মাৰোৱাৰী সমাজৰ সংখ্যাগৰিষ্ঠ সংখ্যক লোক, ভালেসংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে । ৰাজহুৱা সম্বৰ্দ্ধনা সভাত ৰাজেন্দ্ৰ নিমোদিয়াৰ কৰ্মৰাজিক লৈ প্ৰস্তুত কৰা অভিনন্দন গ্ৰন্থ “কৰ্মপ্ৰাণ”খনি উন্মোচন কৰে অসম সাহিত্য সভাৰ আজীৱন জ্যেষ্ঠ সদস্য তথা বিশিষ্ট গৱেশক ডঃ শ্যামভদ্ৰ মেধিয়ে ৷ অভিনন্দন গ্ৰন্থ ‘কৰ্মপ্ৰাণ’ৰ অসমীয়া বিভাগৰ সম্পাদক প্ৰদীপ হাজৰিকা, ইংৰাজী বিভাগৰ সম্পাদক ড৹ বাবুলাল ম’ৰ আৰু হিন্দী বিভাগৰ সম্পাদকদ্বয় মহেশ আগ্ৰৱাল আৰু ধনঞ্জয় মিশ্ৰ ৷ গ্ৰন্থ উন্মোচন কৰি প্ৰদান কৰা ভাষণত বিশিষ্ট গৱেষকগৰাকীয়ে বোকাখাতৰ দৰে এখন সৰু চহৰত এনেদৰে সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা কাৰ্যত অভিভুত হৈ পৰে আৰু কাজিৰঙা নিউজ নেটৰ্ৱকৰ এনে মহান কাৰ্যৰ শলাগ লয় ৷ ভাষণত বিশিষ্ট গৱেষকগৰাকীয়ে ৰাজেন্দ্ৰ নিমোদিয়াক লগ পোৱা ক্ষণৰ পৰা বৰ্তমানলৈকে লগ পোৱা সময়ৰ মধুৰ সম্পৰ্কৰ কথা ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰে ৷ সভাত সমজুৱাৰ হৈ একাষাৰ বক্তব্য ৰাখে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই । বক্তব্যত বুবুল দত্তই ৰাজেন্দ্ৰ নিমোদিয়াৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে ৷ সভাত সম্বৰ্দ্ধিত ব্যক্তি ৰাজেন্দ্ৰ নিমোদিয়াই নিজৰ বক্তব্যত অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে কাজিৰঙা নিউজ নেটৰ্ৱকৰ বিশেষভাৱে শলাগ লয় ৷ শলাগৰ শৰাই আগবঢ়ায় কাজিৰঙা নিউজ নেটৰ্ৱকৰ সচিব প্ৰদ্যুত মহন্তই ।

Leave a Reply

Your email address will not be published. Required fields are marked *