কলকাতাত “চিৰ চেনেহী মোৰ ভাষা জননী” ধ্বনিৰে গীত আৰু কবিতাত মুখৰিত শাৰদী এসন্ধ্যা

কলকাতাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা লাইভ, ২৯ ছেপ্টেম্বৰ: আগন্তুক দুৰ্গোৎসৱৰ ব্যস্ততাত উখল-মাখল হৈ থকাৰ সময়তে কলকাতা মহানগৰীত আহিন, গীত আৰু কবিতাৰ বৰ্ণিল সমাহাৰৰে শাৰদীয় বতৰত ‘কলকাতা শাখা সাহিত্য সভা’ আৰু ‘কলকাতা অসমীয়া সাংস্কৃতিক সংস্থা’-ৰ উদ্যোগত তথা ‘সদৌ অসম লেখিকা সমাৰোহ সমিতি, কলকাতা শাখা’-ৰ সহযোগত যোৱা ২৭ ছেপ্তেম্বৰ তাৰিখে অসম ভৱন, কলকাতাৰ প্ৰাংগনত অনুষ্ঠিত হয় “গীত আৰু কবিতাৰ এসন্ধ্যা”। “চিৰ চেনেহী মোৰ ভাষা জননী” আদৰণি সমবেত সংগীতৰে আৰম্ভণি হোৱা “গীত আৰু কবিতাৰ এসন্ধ্যা” অনুষ্ঠানটিৰ আঁত ধৰে ‘কলকাতা শাখা সাহিত্য সভা’ৰ সম্পাদক অনুজ গগৈয়ে। শতাধিক সাহিত্য আৰু সাংস্কৃতিক অনুৰাগীৰ উপস্থিতিত দীপকানন্দ ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট অনুবাদ সাহিত্যিক বাসুদেৱ দাসৰ লগতে উপস্থিত থাকে অসম-বংগৰ বহুকেইজন সন্মানীয় লেখক-সাহিত্যিক, শিল্পী তথা সাংবাদিক। অসম সাহিত্য সভাৰ বিদেশ আৰু আন্তঃৰাজ্যিক মৈত্ৰী-বন্ধন উপসমিতিৰ আহ্বায়ক তথা বিশিষ্ট লেখক নুৰুল চুলতানে সঞ্চালনা কৰা কবিতা অনুষ্ঠানটিত কলকাতাৰ লগতে অসমৰ বিশিষ্ট লেখিকা তথা কবি পলিমা চেতিয়া বসুমতাৰী, পাৰিজাত বৰুৱা, হেমা চৌধুৰী গগৈ, লেখক দিলোৱাৰ হুছেইন আদি উপস্থিত থাকি কবিতা পৰিৱেশন কৰে। অনুষ্ঠানটিত বংগৰ বিশিষ্ট শিল্পী মিথুন ধৰে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰাৰ লগতে অসম-বংগৰ আন বহু কেইজন শিল্পীৰ কন্ঠত গীত পৰিৱেশনৰে জীপাল হৈ পৰে কলকাতা মহানগৰীৰ শাৰদীয় সন্ধ্যাটি। এই অনুষ্ঠানতে অসম ভৱন, কলকাতাৰ বাণিজ্যিক সঞ্চালক অসীম ভট্টাচাৰ্য্যই কলকাতা শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। অনুষ্ঠানটিত অসমীয়া ভাষাৰ উত্তৰণ, বিশুদ্ধ ৰূপত উচ্চাৰণত সংস্কাৰ, ইন্টাৰনেটত ইউনিক’ডত প্ৰতিষ্ঠাৰ সংগ্ৰাম ইত্যাদি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰা হয়। উক্ত অনুষ্ঠানতে সদৌ অসম লেখিকা সমাৰোহ সমিতি, কলকাতা শাখাৰ সভানেত্ৰী ববী ভৰদ্বাজে কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া বিষয় শিক্ষণত বিশেষ গুৰুত্ব প্ৰদান, জাতীয় বিহুকেইটাত প্ৰবাসী অসমীয়া কৰ্মচাৰীক ছুটি প্ৰদান আদি গুৰুত্বপূৰ্ণ বিষয় দুটামান অসম সাহিত্য সভাৰ উপস্থিত বিষয়ববীয়াৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনায়। অনাগত সময়তো অসমীয়া ভাষাক সগৌৰৱে বিশ্ববাসীৰ সমুখত আগুৱাই লৈ যোৱাৰ চেষ্টাৰ প্ৰতিশ্ৰুতিৰে অনুষ্ঠানত উপস্থিত সকলোৱে সমস্বৰে সংকল্প গ্ৰহণ কৰে। শেষত, অনুষ্ঠানটিত সহায়-সহযোগিতা আগবঢ়াই উপস্থিত থাকি অনুষ্ঠানটি সফল কৰা সমূহ সুধীবৃন্দক কলকাতা শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক শুভম গোস্বামীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *