সাহিত্যিক সুৰেন বড়িৰ ‘তোমাৰ চৰণ সেৱাৰ গোবিন্দ’ উন্মোচন

হেমন্ত লইং, কমাৰগাঁও, ২৯ ছেপ্টেম্বৰ : অৱসৰ প্রাপ্ত কৃতী প্ৰধান শিক্ষক, জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট সাহিত্যিক সুৰেন বড়িৰ “তোমাৰ চৰণ সেৱাৰ গোবিন্দ” নামৰ গ্ৰন্থখন আজি এক আধ্যাত্মিক পৰিৱেশৰ গাম্ভীৰ্য পূৰ্ণ সভাত উন্মোচন কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট আঞ্চলিক শাখাৰ সম্পাদক তথা বিপিন ফুকন নগৰ নিবাসী ডিম্বেশ্বৰ দাৱৰ বাসগৃহত আজি অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট আঞ্চলিক শাখাৰ উপ-সভাপতি বিপিন দত্তই বিশিষ্ট সাহিত্যিক সুৰেন বড়িৰ ১৬ নম্বৰ গ্ৰন্থ “তোমাৰ চৰণ সেৱাৰ গোবিন্দ” উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি আঁত ধৰে ডিম্বেশ্বৰ দাৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *