এফালে অবৈধ ভাৱে ভূমি দখল আনফালে কাৰ্বি পাহাৰত চলিছে বন ধ্বংসযজ্ঞ। নিৰ্বিকাৰ প্ৰশাসন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ অক্টোবৰ: কাৰ্বি আংলঙৰ মাটিত চকু পৰিছে একাংশ দুষ্ট চক্ৰৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ,কাৰ্বি আংলঙ জিলাৰ কহঁৰা ভূমি সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ নিচেই সমীপত থকা কাৰ্বি পাহাৰত অবাধ হাৰত চলিছে অবৈধ ভূমি দখল প্ৰক্ৰিয়া ৷ উল্লেখ্য যে কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদে কাজিৰঙাৰ কহঁৰাত কাৰ্বি আংলঙ জিলাত কোটিটকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল এখন এথেনিক ভিলেজ ৷ য’ত কাৰ্বি আংলঙত বসবাস কৰা ১১ টা জনগোষ্ঠীৰ পৰম্পৰাগত আৱাসগৃহ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছিল ৷ কিন্তু ২০০৭ চনত নিৰ্মাণ কৰা ভিলেজখনৰ মাটিকালি আছিল আনুমানিক ১২ হেক্টৰ ৷ কিন্তু এতিয়া একাংশ ব্যক্তিয়ে অবৈধভাৱে মাটি দখল কৰি চাহ বাগান খুলি ব্যৱসায় চলাই আছে বুলি জানিব পৰা গৈছে ৷ মুঠ ১২ হেক্টৰ ৰ ভূমিৰ ভিতৰত এতিয়া মাত্ৰ ৫ হেক্টৰ ভূমিহে এথেনিক ভিলেজৰ নামত আছে বুলি মত ব্যক্ত কৰে এথেনিক ভিলেজৰ কৰ্মচাৰীয়ে ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ অভিযোগ যে একাংশ ব্যক্তিয়ে চৰকাৰী বিভাগ তথা মন্ত্ৰীৰ লগত মিতিৰালি কৰি অবৈধভাৱে দখল কৰিছে ভূমি ৷ ইয়াৰ পাছত চাহ বাগান খুলিবৰ বাবে উক্ত ভূমিত থকা মূল্যবান গছ -গছনি বোৰ কাটি প্ৰায় ধ্বংস কৰিছে ৷ কাৰ্বিআংলং জিলাৰ বন বিভাগৰ সৈতে এই চক্ৰটোৰ গোপন বুজাবুজি আছে বুলি মত ব্যক্ত কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *