কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন হ’ল অষ্টমটো বনাঞ্চলিক কাৰ্যালয়

কাজিৰঙা লাইভ, বোকাখাত, ১ অক্টোবৰ: বোকাখাত বনাঞ্চল নামেৰে নিৰ্দিষ্ট এলেকা সামৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন হ’ল অষ্টমটো বনাঞ্চলিক কাৰ্যালয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয় প্ৰাংগনত আজি বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় উদ্ধোধন কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিব কুমাৰে ৷ উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ বাবে ২০১৮ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বীটৰ অন্তৰ্গত ১৯০ বৰ্গ কিলোমিটাৰ এলেকা সামৰি চৰকাৰে বোকাখাত বনাঞ্চল মুকলিৰ ঘোষণা কৰিছিল ৷ বোকাখাত বনাঞ্চল কাৰ্যালয়ে বোকাখাত নগৰ আৰু পানবাৰী সংৰক্ষিত বনাঞ্চলৰ লগতে তৃতীয় সংযোজন এলেকা চোৱা চিতা কৰিব ৷

Boundary of Bokakhat Range

Leave a Reply

Your email address will not be published. Required fields are marked *