বোকাখাতত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ অক্টোবৰঃ অসম জ্যেষ্ঠ নাগৰিক সন্মীলনৰ বোকাখাত শাখাৰ উদ্যোগত আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়। চৈয়দ আনিচুৰ ৰহমানৰ সঞ্চালনাত হোৱা সভাত প্ৰাক্তন বিধান সভাৰ উপাধ্যক্ষ বলোভদ্ৰ তামূলী, প্ৰবীণ সাংবাদিক ভবেশ শইকীয়া, ডাঃ নৰেন বৰা, সাংবাদিক ভবানন্দ কলিতা, অপূৰ্ব বৰদলৈ, হৰিপ্ৰসাদ বৰঠাকুৰ, মনোৰঞ্জন সেন, হৰিপ্ৰসাদ বৰঠাকুৰ উক্ত অনুষ্ঠানত উপস্থিত থাকি কবিতা পাঠ, গীত, বক্তব্য আদি প্ৰদান কৰে। আনহাতে, নিজৰা বৰঠাকুৰ, পদুমী গাজলু, পুতলী খাউন্দ, বকুল হাজৰিকা, নগেন খাউন্দ, ধীৰেন গন্ধীয়াই নিজৰ মনৰ অনুভব ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *