এথেনিক ভিলেজৰ ভূমিত চাহ বাগিচা, গোপনে ম্যাদি কৰিছে ভূমি।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ ছেপ্টেম্বৰ: কাৰ্বি আংলঙৰ মাটিত চকু পৰিছে একাংশ দুষ্ট চক্ৰৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ,কাৰ্বি আংলঙ জিলাৰ কহঁৰা ভূমি সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ নিচেই সমীপত থকা কাৰ্বি পাহাৰত অবাধ হাৰত চলিছে অবৈধ দখল প্ৰক্ৰিয়া ৷ উল্লেখ্য যে কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদে কাজিৰঙাৰ কহঁৰাত কাৰ্বি আংলঙ জিলাত কোটিটকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল এখন এথেনিক ভিলেজ ৷ য’ত কাৰ্বি আংলঙত বসবাস কৰা ১১ টা জনগোষ্ঠীৰ পৰম্পৰাগত আৱাসগৃহ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব ৷ কিন্তু ২০০৭ চনত নিৰ্মাণ কৰা ভিলেজখনৰ মাটিকালি আছিল আনুমানিক ১২ হেক্টৰ ৷ কিন্তু এতিয়া একাংশ ব্যক্তিয়ে মাটি দখল কৰি চাহ বাগানৰ ব্যৱসায় চলাই আছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ মুঠ ১২ হেক্টৰ ৰ ভূমিৰ ভিতৰত এতিয়া মাত্ৰ ৫ হেক্টৰ ভূমিহে এথেনিক ভিলেজৰ নামত আছে বুলি মত ব্যক্ত কৰে এথেনিক ভিলেজৰ কৰ্মচাৰীয়ে ৷ এইক্ষেত্ৰত কাৰ্বি আংলং প্ৰশাসনক ৰাইজে বিষয়টোত গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা লবলৈ আহ্বান জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *