নগাঁৱৰ বিতোপন কলিতালৈ Best Promising Tourist Guide Award

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ ছেপ্তেম্বৰঃ বিশ্ব পৰ্যটন দিৱস উপলক্ষে অসম পৰ্যটন বিভাগে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদীয়মান যুৱ টুৰিষ্ট গাইড নগাঁৱৰ বিতোপন কলিতালৈ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা হয় Best Promising Tourist Guide of Assam ৰ সন্মান ৷ ২৭ ছেপ্তেম্বৰত গুৱাহাটী পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰ্যটন দিৱস উদযাপন-২০১৯ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই অসম পৰ্যটন বিভাগে এই সন্মান কলিতালৈ জ্ঞাপন কৰে ৷ বিগত আঠ বছৰ ধৰি অসমৰ পৰ্যটন উদ্যোগত এগৰাকী টুৰিষ্ট গাইড তথা বন্য পক্ষী গাইড হিচাপে বিভিন্ন প্ৰান্তৰ পৰ্যটকক গাইড কৰা কলিতাই নিজ উদ্যমেৰে পৰ্যটন উদ্যোগটোত কাম কৰি এক সুকীয়া স্থান দখল কৰি অৰ্জন কৰা সফলতাৰ বাবেই পৰ্যটন বিভাগৰ তৰফৰ এই সন্মান আগবঢ়োৱা হয় ৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন টুৰ অপাৰেটৰৰ স’তে টুৰিষ্ট গাইড হিচাপে কৰ্মৰত কলিতাই ২০১৫ বৰ্ষৰ পৰা মে’ ২০১৯ লৈকে বিগত বছৰকেইটাত USA, Canada, UK, Netherland, Germany, Italy আদি বিভিন্ন দেশৰ ২০২ গৰাকী বিদেশী পৰ্যটকৰ লগতে ৫৭ গৰাকী দেশীয় পৰ্যটকসহ মুঠ ২৫৯ গৰাকী পৰ্যটকক টুৰিষ্ট গাইড হিচাপে সেৱা আগবঢ়াইছে ৷ কাজিৰঙা লাইভৰ তৰফৰ পৰা যুৱ টুৰিষ্ট গাইড বিতোপন কলিতালৈ শুভকামনা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *