বোকাখাত কুৰুৱাবাহীত উদ্ধাৰ অজগৰ

কাজিৰঙা লাইভ, বোকাখাত, ২৮ ছেপ্টেম্বৰ: বোকাখাতৰ কুৰুৱাবাহীৰ ৰঙাগড়াত মাছৰ জালত লাগিল এডাল বৃহৎ আকাৰৰ অজগৰ ৷ গাঁওখনৰ প্ৰহ্লাদ দাস নামৰ এজন লোকে মাছ ধৰিবলৈ ধনশিৰি নদীত পাতি থোৱা জালত লাগে অজগৰ সাপডাল ৷ পুৱা জাল চাবলৈ আহি নদীৰ পৰা জালখন পাৰলৈ আনোতেই জালত লাগি থকা অৱস্থাত অজগৰ ডাল প্ৰত্যক্ষ কৰি সাংবাদিক আৰু বন বিভাগক খবৰ দিয়ে ৷ খবৰ পোৱাৰ পাছতে বোকাখাতৰ সাংবাদিক উপস্থিত হৈ জালৰ পৰা অজগৰ ডাল উদ্ধাৰ কৰে ৷ পাছত সাপডাল কাজিৰঙাৰ বৰজুৰিৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত গতাই দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *