অসামাজিক কাম কাজৰ ঘাটিলৈ ৰূপান্তৰিত কাজিৰঙাৰ এথেনিক ভিলেজ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ ছেপ্টেম্বৰ: কাৰ্বি আংলঙ স্বায়ত্ত্ব শাসিত পৰিষদে কাজিৰঙাত নিৰ্মাণ কৰা এথেনিক ভিলেজ বৰ্তমান অসামাজিক কাৰ্য্য কলাপৰ ঘাটিলৈ ৰূপান্তৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে ২০০৭ চনত কাৰ্বিআংলঙ স্বায়ত্ত্ব শাসিত পৰিষদে কাজিৰঙাৰ কাৰ্বিআংলঙ জিলাৰ ডলামৰ থানৰ অন্তৰ্গত কঁহৰা এলেকাত নিৰ্মাণ কৰিছিল এথেনিক ভিলেজ ৷ কাৰ্বি আংলঙ জিলাত বসবাস কৰা ১১ টা জনগোষ্ঠীৰ পৰম্পৰাগত আবাস গৃহৰ আৰ্হিত পৰ্যটক নিবাস নিৰ্মান কৰি পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল কাৰ্বিআংলঙ স্বায়ত্ব শাসিত পৰিষদে ৷ কিন্তু আটক ধুনীয়াকৈ নিৰ্মান কৰা এথেনিক ভিলেজ বৰ্তমান নিশেষ হোৱাৰ পথত ৷ কাৰণ উদ্ধোধন কৰাৰ পাছতে পিঠি দিলে স্বায়ত্ত্ব শাষিত পৰিষদে ৷ ইয়াৰ পাছতে ভগ্নপ্ৰায় অৱস্থালৈ গতি কৰা এথেনিক ভিলেজ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি ডিফুৰ এজন ব্যৱসায়ীক গতাই দিয়ে যদিও একেদৰেই পৰি থাকিল ৷ এতিয়া এথেনিক ভিলেজ খনত দৈনিক মদ জোৱাৰ আড্ডা চলাৰ লগতে বিভিন্ন অসামাজিক কাম-কাজ চলাৰ অভিযোগ আনিছে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে ৷ তদুপৰি এথেনিক ভিলেজ খন হাবি জংঘলেৰে ভৰি থকাত নিৰাপত্তাৰ দিশতো উপযুক্ত নহয় ৷ গতিকে দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখাৰ পাছতো ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে ধনলৈ এথেনিক ভিলেজত প্ৰবেশৰ সুুবিধা প্ৰদান কৰি অসামাজিক কাম কাজত উদগনি যোগোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যুৱছাত্ৰ পৰিষদে অতি শীঘ্ৰে ইয়াৰ বিৰোদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ কাৰ্বি আংলঙ প্ৰশাসনক আহ্বান জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *