নুমলীগড়ত জিলা আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সম্পন্ন : শ্ৰেষ্ঠ তাৰ্কিক দেৰগাঁৱৰ পূজা বৰা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ৰাধাকৃষ্ণ চৌধুৰী সোঁৱৰণী গোলাঘাট জিলা আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা আজি অনুষ্ঠিত হয় ৷ ৰাতুল ৰাজখোৱাৰ অধ্যক্ষতাত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত প্ৰতিযোগিতাত দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূজা বৰা
প্ৰথম, মৰঙি দিননাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তনয়া বৰুৱা দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ বুলবুলি বাইলুঙে৷ উদগনি মূলক বঁটা লাভ কৰে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ তনুচা কছাৰি আৰু পংকা ৰূপৰাম হাজৰিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শোভিত কমল বৰাই। প্ৰতিযোগিতাৰ আৰম্ভণিতে ৰাধাকৃষ্ণ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰাধাকৃষ্ণৰ পুত্ৰত্বয় বিজু, সুৰেশ অাৰু অৰুনে৷ বন্তি প্ৰজ্বলন অনুষ্ঠানত ৰাধাকৃষ্ণ চৌধুৰীৰববিষয়ে বক্তব্য প্ৰদান কৰে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী সংগীতা শইকীয়া ৰাভাই। নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কোৰাচেৰে পৰিৱেশন কৰাৰ পিছত আৰম্ভ হোৱা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক গ্ৰন্থ, নগদ ধন আৰু মান পত্ৰৰে পুৰস্কৃত কৰে।

ফটো: পৱন কামান

Leave a Reply

Your email address will not be published. Required fields are marked *