৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে কাজিৰঙাত কুইজ প্ৰতিযোগিতা।

নিউজ ডেস্ক, কাজিৰঙা, ২৭ ছেপ্টেম্বৰ: ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত নগাঁও,বিশ্বনাথ আৰু পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে যৌথ ভাৱে আয়োজন কৰিছে কুইজ প্ৰতিযোগিতাৰ ৷ উদ্যোক্তা সকলে জনোৱা মতে ২ অক্টোবৰ ২০১৯ তাৰিখে কাজিৰঙাৰ কহঁৰা স্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত আয়োজিত কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ পৰা নিম্ন স্নাতক পৰ্যায়ত অসমৰ সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷ প্ৰতিযোগিতাত অংশ ল’ব বিচৰা প্ৰতিখন শিক্ষানুষ্ঠানৰ সৰ্বাধিক দুজন প্ৰতিযোগীৰ এটা দলহে গ্ৰহন যোগ্য হ’ব ৷ প্ৰতিযোগিতাৰ দিনা পুৱা ৯ বজাৰ পৰা ১০-৩০ বজালৈ প্ৰতিযোগীৰ পঞ্জীয়ন কৰা হ’ব ৷ তদুপৰি ই মেইল যোগেদিও এক অক্টোবৰৰ ভিতৰত ইচ্ছুক প্ৰতিযোগীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব বুলি জনাইছে উদ্যোক্তা মণ্ডলীয়ে ৷ ইয়াৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে অনুমোদন কৰা সবিশেষ জমা দিব লাগিব ৷
email:kazirangaresearch@
gmail.com
যোগাযোগ ;ৰবীন্দ্ৰ শৰ্মা :মোবাইল :৮৭৬১৮৫৩২১৪
১ম পুৰস্কাৰ:২০,০০০ টকা আৰু মান পত্ৰ
২য় পুৰস্কাৰ:১৫,০০০ টকা আৰু মান পত্ৰ
৩য় পুৰস্কাৰ:১০,০০০ টকা আৰু মান পত্ৰ
৪্থ পুৰস্কাৰ:৫০০০ টকা আৰু মান পত্ৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *