বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বটা চৰাই পালনৰ প্ৰশিক্ষণ

কাজিৰঙা লাইভ , বোকাখাত, ২৬ ছেপ্টেম্বৰ: বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে আত্মসহায়ক গোটসমুহৰ বাবে মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত বটা চৰাই পালনৰ ওপৰত এটি প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ উপস্থিতিত অনুষ্ঠিত কাৰ্য্যসুচীত প্ৰায় ত্ৰিশ তাতকৈ অধিক আত্মসহায়ক গোটৰ মহিলাসকলে যোগদান কৰে ৷ বটা চৰাইৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে খণ্ড পশু চিকিৎসক ডাঃ চৈয়দ মেহতাজ আৰু তিতাবৰৰ প্ৰগতিশীল বটা চৰাই পালক নিতু হাজৰীকাই ৷ মহকুমাধিপতি বিবেক শ্যামে আত্মসহায়ক গোটসমুহৰ প্ৰতিনিধিসকলক প্ৰশিক্ষণত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি বটাচৰাইৰ কণীৰ গুণাগুণ আৰু বজাৰত ইয়াৰ বহুল চাহিদা থকাৰ প্ৰতি লক্ষ্য ৰাখি আত্মসহায়ক গোটৰ মহিলাসকলক বটা চৰাই পালনৰ বাবে উৎসাহেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ এইক্ষেত্ৰত বোকাখাত মহকুমা প্ৰশাসনে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলিও উল্লেখ কৰে ৷ প্ৰশিক্ষণত আত্মসহায়ক গোটসমুহৰ মাজত বটা চৰাই কণী বিতৰণ কৰা হয় ৷ প্ৰশিক্ষণ কাৰ্য্যসূচীত বোকাখাত ৰাজহচক্ৰৰ চক্ৰ বিষয়া খনিন্দ্ৰ দাস আৰু সহকাৰী আয়ুক্ত ৰণনময় ভৰদ্বাজ উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *