শেৱালি ফুলে আনে ঋতুৰাণী শৰতৰ বতৰা

মনোজ প্ৰতিম শইকীয়া,
কাজিৰঙা:২২ ছেপ্তেম্বৰ :

এইয়া শেৱালী ফুলাৰ বতৰ ৷ শৰতৰ বাবেই শেৱালী আৰু শেৱালিৰ বাবেই যেন শৰত ৷ শেৱালিৰ কোমল শুভ্ৰতাই কঢ়িয়াই আনে পবিত্ৰতা আৰু শাৰদীয়ৰ বতৰা ৷ এই শৰততে মণি মুকুতা সদৃশ নিয়ৰে ধৰা দিয়ে তলশৰা শেৱালিপাহিত ৷ শৰত মানেই শেৱালিৰ সুৱাস,সৌন্দৰ্যৰ ঋতু,কবিৰ কবিতাৰ ছন্দ আৰু আলফুলীয়া দুৱৰি দলিচাত নিয়ৰৰ লুকাভাকু ৷ শেৱালিয়ে মাতি অনা শৰতৰ আগমণত মুখৰিত হয় নীলিম আকাশত শুকুলা মেঘৰ ছন্দ ৷ যাক পোৱাৰ নিচাত ব্যাকুল হয় মন প্ৰাণ,জোনাক ৰাতি ছন্দময় আলোকেৰে দুচকুত ভাহি আহে স্বপ্ন আশাৰ ফুল পাহি ৷ শীতৰ সেমেকা বতাহে যেন মন প্ৰাণ সৰি নিয়ে,দি যায় শান্তিৰ বতৰা হৃদয়ৰ পৰা হৃদয়লৈ ৷ শৰত আৰু শেৱালী যেন এক মধুৰ সম্পৰ্কৰ মিলন ভূমি ৷ শেৱালি ফুলে কঢ়িয়াই আনে প্ৰেম ভক্তিৰ বতৰা,কাজল সনা দুচকুৰ পৰা সৰা চকুপানীৰ দৰে আকাশেও যেন ধুৱাই দিয়ে নিয়ৰৰ কণা হৈ শেৱালি নিকা দেহাটি ৷থোপাথোপে ফুলা শেৱালিৰ নিৰ্মম পাহিত যেন বিছাৰি পায় প্ৰেমিকে প্ৰেয়সীৰ ঠিকনা ৷ শেৱালি যেন শৰতৰ বুকুৰ কুটুম,শেৱালিৰ শুভ্ৰ সুৱাসে পবিত্ৰ কৰি তোলে মনৰ আকাশ,শৰতৰ গাভৰু ৰাতি শেৱালি ফুলে,পুৱাৰ আগে আগে দূৱৰীৰ দলিচাত নিয়ৰৰ কণাৰ সতে বেদনাদায়ক হৈ ছন্দ পতন ঘটে ৷ মাত্ৰ এৰাতিৰ বাবেই আহি শেষ হৈ যায়,তথাপিও শেৱালি ফুলে দি যায় শান্তিৰ বতৰাৰ পবিত্ৰ অনুভৱ ৷ শেৱালিৰ শুভ্ৰতা,স্নিগ্ধতা,পবিত্ৰতা এক অনুভূতি,শেৱালিৰ সুৱাসে ধূপ ধূনাৰ লগতে দেৱী পূজাৰ মন্দিৰৰ ধ্যান ধাৰণাৰে সমৃদ্ধ কৰে ৷ ত্যাগ বিৰহৰ প্ৰতীক শেৱালিয়ে দি যায় এপলকৰ বাবেও মানৱ মনত শান্তিৰ বতৰা ৷ সিচি থৈ যায় জোনাকৰ দৰে শুভ্ৰতা ৷ শেৱালি ফুল হৈছে বিষাদ,মুক্তি,আৰু ৰোমাঞ্চৰ প্ৰতিক ৷ এই সুকোমল,সুগন্ধি আৰু কুহুমবুলীয়া ঠাৰিৰ ফুল পাহক লৈ অলেখ কবিতা,গীত আৰু সাহিত্যৰ সৃষ্টি হৈছে ৷সুন্দৰ সৃষ্টিশীলতাৰ বাবে প্ৰেৰনাৰ উৎস এইপাহি শুভ্ৰ ফুল,সুধাকণ্ঠ ভূপেন হাজৰিকাৰ “শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে” গীতটিত মুক্তিৰ ভাৱ প্ৰকাশ পাইছে ৷ কবিৰ ভাষাত -নিজস্বতাৰে ভৰা শৰতৰ অন্য এক মাদকতাৰ উমান আপোনাৰ মোৰ অনূভূতিৰ চৌপাশত ৷ আকাশে বৰণ সলায় আপোনাৰ দুচকুলৈ নমাই আনিব পাৰে এখন উত্তৰ নীলা আকাশৰ ন সৌন্দৰ্য্য ৷

Leave a Reply

Your email address will not be published. Required fields are marked *