অপাৰ সেউজীয়া বুকুত লৈ অসীমৰ সীমা বিচাৰি পৃথিৱী এৰি গুচি গ’ল এমুঠি কিৰণ’ৰ স্ৰষ্টা কবি, আবৃত্তিকাৰ সংগীতা গগৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ জুনঃ নিজৰ কবিতাৰে পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হৈ পৰা ‘এমুঠি কিৰণ’ৰ স্ৰষ্টা কবি, আবৃত্তিকাৰ সংগীতা গগৈ ওৰফে চুমি (৩৭) আৰু নাই৷ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা নিশা চিৰদিনৰ বাবে পৃথিৱীৰ পৰা আঁতৰি যায় উদীয়মান কবিগৰাকী৷ ছাত্ৰাৱস্থাৰ পৰা কবিতা ৰচা তথা কবিতা আবৃত্তি কৰি বিভিন্ন স্থানত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সংগীতা গগৈ এগৰাকী অংগণবাড়ী কৰ্মী হিচাপে কৰ্মৰত আছিল৷ বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ পৰা স্নাতক সংগীতা এগৰাকী শিপিনী হিচাপে ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছিল৷ বিগত দুবছৰ মানৰ পূৰ্বে সংগীতাৰ দেহত কৰ্কট ৰোগ ধৰা পৰে৷ গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল সংগীতাই ৷ অতিকে সম্ভাৱনাময় সংগীতাৰ কবিতাসমূহ সংগ্ৰহ কৰি শেহতীয়াকৈ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘গ্ৰাছ’ৰ তৰফৰ পৰা ‘এমুঠি কিৰণ’ নামৰ এখনি গ্ৰন্থ প্ৰকাশ কৰে৷ চচিয়েল মেডিয়াত সুন্দৰ হাতৰ আখৰৰ বাবে চৰ্চিত সংগীতাই পঢ়ুৱৈৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল ৷ কাব্যক্ষেত্ৰত ন ন সৃষ্টিৰে উজ্জ্বলি উঠিছিল সংগীতা ৷ নিজৰ দুৰাৰোগ্য ৰোগৰ হাজাৰ কষ্টকো নেওচি প্ৰবল আত্মবিশ্বাসেৰে শেষলৈকে যুঁজি যোৱাৰ সংকল্প লোৱা সংগীতা শেহতীয়াকৈ কৰ্কট ৰোগত বেয়াকৈ ভাগি পৰে৷ দুটাকৈ সন্তানৰ মাতৃ সংগীতাই গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত যোৱা মঙলবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানে৷ অপাৰ সেউজীয়া বুকুত লৈ পৃথিৱী এৰি গুচি গ’ল সংগীতা ৷ সংগীতাৰ লগতে গুচি গ’ল সংগীতাৰ বুকুৰ অজস্ৰ সাংগীতিক শব্দৰ ভঁৰাল ৷ কাজিৰঙাৰ ম’হপৰা নিৱাসী সঞ্জীৱ গগৈৰ পত্নী সংগীতাৰ দেহ বুধবাৰে পুৱা নিজা বাসগৃহলৈ অনাৰ লগে লগে কান্দোনত ভাগি পৰে অঞ্চলটোৰ ৰাইজ ৷ সদা হাঁহিমুখীয়া সংগীতা গগৈৰ মৃত্যুত অসম ৰাজ্যিক সাংবাদিক সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, আছুৰ কাজিৰঙা আঞ্চলিক সমিতি,কৃষিমন্ত্ৰী অতুল বৰা, গ্ৰাছ বোকাখাতৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed