ৰাজহ কমিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ, পঞ্চাশ লাখ টকাৰ লোকচান ডিচেম্বৰ মাহত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ ডিচেম্বৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিছে ‘কা’ৰ প্ৰভাৱ ৷ ‘কা’ৰ প্ৰভাৱত ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা দৰ্শনাৰ্থীৰ সংখ্যা কমিছে ৷ লগে লগে অভাৱনীয়ভাৱে হ্ৰাস পাইছে উদ্যানৰ সংগৃহীত ৰাজহৰ সংখ্যা । উল্লেখ্য, কা বিৰোধী প্ৰতিবাদৰ ফলত চলিত মাহৰ বিগত প্ৰায় দহ দিন স্থবিৰ হৈ পৰিছিল কাজিৰঙাৰ পৰ্যটন ৷ লগে লগে আহিবলগীয়া যথেষ্ট সংখ্যক পৰ্যটকে ভ্ৰমণসূচী বাতিল কৰে ৷ ইয়াৰ ফলত কেৱল ডিচেম্বৰ মাহতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰায় পঞ্চাশ লাখ টকা লোকচানৰ মুখ দেখিব লগা হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ তুলনাত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আধাহে ৰাজহ সংগ্ৰহ হয় ৷ তদুপৰি, সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰা ম’তে, এটা পৰ্যটন বৰ্ষৰ মুঠ ৰাজহৰ ৩০ ৰ পৰা ৪০ শতাংশ ৰাজহ কেৱল ডিচেম্বৰ মাহতে সংগ্ৰহ হয় ৷ সেই অনুসৰি আন আন বৰ্ষ সমূহত ডিচেম্বৰ মাহত ১ কোটি মান টকা সংগ্ৰহ হয় যদিও চলিত ডিচেম্বৰ মাহত প্ৰায় পঞ্চশ লাখ টকাহে ৰাজহ সংগ্ৰহ হোৱা বুলি প্ৰকাশ কৰি সঞ্চালক গৰাকীয়ে কয় যে, বিগত বৰ্ষত পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পৰা ডিচেম্বৰ মাহলৈকে প্ৰায় তিনি কোটি টকা ৰাজহ সংগ্ৰহ হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ আজিৰ দিনলৈকে ডেৰ কোটি মান টকাহে ৰাজহ জমা হৈছে ৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰা এই ৰাজহ ব্যয় কৰা হয় উদ্যানত কৰ্মৰত প্ৰায় তিনিশ অস্থায়ী বনকৰ্মীৰ মাহিলী পাৰিতোষিকত ৷ জানিব পৰা ম’তে, সম্পূৰ্ণ বৰ্ষটোত উদ্যান কৰ্তৃপক্ষক অস্থায়ী বনকৰ্মীৰ পাৰিতোষিকৰ বাবে প্ৰায় পাঁচ কোটি টকাৰ প্ৰয়োজন হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed