কাজিৰঙাত মুম্বাই পৰ্যটকৰ মৃত্যু।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ নৱেম্বৰ: কাজিৰঙা দৰ্শনৰ বাবে অহা মুম্বাইৰ পৰ্যটকৰ কাজিৰঙাত মৃত্যু ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰ্যটক গৰাকীৰ নাম ৰীতা কমলেষ শ্বেঠ ( 65) ৷ ৱেষ্ট বাগ্ৰা, মুম্বাইৰ বাসিন্দা ৰীতাই পৰিয়াল সহ প্ৰায় ৩২ জনীয়া এটা দল কাজিৰঙা দৰ্শনৰ বাবে আহিছিল। নিশা কাজিৰঙাৰ “বন ভিলা” নামৰ অতিথিশালটোত কটোৱাৰ পাছত আজি পুৱা হোটেলৰ কোঠাতে অসুস্থ হৈ পৰাত তেওঁক কহঁৰা মডেল চিকিৎসালয়লৈ নিয়ে। পৰৱৰ্তী সময়ত মহিলাগৰাকী অধিক অসুস্থ হৈ পৰাত বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক হস্পিতেললৈ নিয়া হয় ৷ কিন্তু বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে পৰ্যটকগৰাকীৰ মৃত্যু হোৱা বুলি জনাই ৷ বোকাখাত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ৷