অসম আৰু অসমীয়া জাতিৰ মাৰ্গদৰ্শক গৰাকীৰ মহাপ্ৰয়াণত … লেখা: ড° বিজয়কৃষ্ণ সন্দিকৈ, বৰাপানী,মেঘালয়

অসমীয়া জাতিয়ে আজি এজন অভিভাৱক হেৰুৱালে ৷অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্য জগতক সমৃদ্ধ কৰা মহীৰূহ হোমেন বৰগোহাঞিদেৱৰ বিয়োগত আজি অতিশয় শোকস্তব্ধ হৈ পৰিছোঁ ৷

কভিদ জয় কৰি ঘৰলৈ উভটি অহা সদা স্বাস্থ্য সচেতন হোমেন বৰগোহাঞিৰ দৃঢ় শৰীৰ আৰু মনৰ কথা বন্ধুবৰ্গৰ সৈতে আলোচনা কৰি আছিলোঁ যোৱাৰাতি লৈকে ৷ আজিৰ পূৱাৰ আকস্মিক খবৰটোৱে হঠাতে যেন এক ধুমুহা হৈ উৰুৱাই নিলে মূৰৰ মূধচ ৷অতিকে প্ৰিয় সাহিত্যক গৰাকীৰ মৃত্যুৰ বাতৰিয়ে এক বুজাব নোৱাৰা শূন্যতাৰ সৃষ্টি কৰিলে ৷
স্কুলীয়া জীৱনত দ্ৰুতপাঠ্য পঢ়ি হোমেন বৰগোহাঞিৰ লিখনিৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ ৷ পাছলৈ তেখেতৰ প্ৰায়বোৰ কিতাপেই পঢ়াৰ সৌভাগ্য হোৱাৰ পাছত তেখেতৰ বিশাল ব্যক্তিত্ববোধ , কঠোৰ পৰিশ্ৰমশীলতা,গভীৰ অধ্যয়নপুষ্ট লিখনি সমূহৰ প্ৰতি এক অনাবিল আকৰ্ষণ অনুভৱ কৰিছিলোঁ ৷ বিশ্বৰ সাহিত্য – সংস্কৃতি, কলা – বিজ্ঞান আদি অলেখ বিষয়ৰ সোৱাদ তেখেতৰ লিখনিৰ জৰিয়তে সকলোৱে আমাৰ মাতৃভাষাতে লব পাৰিছোঁ ৷

নিজৰ লিখনিৰ জৰিয়তে অসমীয়া জাতিসত্ত্বাৰ এক আমোঘ বিশ্লেষণ সকলোৰে সন্মুখত দাঙি ধৰি সকলোকে সদা সতৰ্ক হবলৈ অহৰহ ৰিঙিয়াই আছিল হোমেন বৰগোহাঞি দেৱে ৷ নিজৰ জন্মভূমিৰ প্ৰতি থকা গভীৰ দায়বদ্ধতা তেখেতৰ প্ৰতিটো কৰ্মৰাজিৰ মাজেৰে প্ৰকাশ হৈছিল ৷ অসমীয়া সমাজ জীৱনৰ এনে এটা দিশ নাই যিটো দিশত তেখেতে বিস্তৃত বিশ্লেষণ কৰা নাই ৷জীৱনৰ পৰা মৃত্যুলৈকে মানৱ জীৱনৰ সকলো দিশৰে নিৰ্মোহ বিশ্লেষণেৰে ভৰি আছে তেখেতৰ অজস্ৰ ৰচনা ৷ একেধাৰে সাংবাদিক,ঔপন্যাসিক,গল্পকাৰ,কবি,সমালোচক,প্ৰবন্ধকাৰ,সু-সাহিত্যিক আদি অনেক ক্ষেত্ৰত হোমেন বৰগোহাঞি দেৱে তেখেতৰ অনবদ্য অৱদানেৰে চহকী কৰি থৈ গৈছে অসমীয়া জাতীয় সম্পদৰ ভঁৰাল ৷আৰু হয়তো কোনো দিনেই নোলাব এনে এক প্ৰতিভাৰ স্থান পূৰাব পৰা কোনো ব্যক্তি সত্বা ৷মাথোঁ যুগ-যুগান্তৰলৈ চৰ্চিত হ’ব তেখেতৰ ব্যতিক্ৰমী ব্যক্তিত্বৰ ৷ আলোচিত হ’ব তেখেতৰ বিশাল লিখনি সম্ভাৰৰ প্ৰতিটো দিশ ৷
এনে এজন প্ৰকৃত অসমীয়া সংগ্ৰামীৰ মহাপ্ৰয়াণত যাঁচিলোঁ অযুত অশ্ৰু অঞ্জলি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *