কথাশিল্পী হোমেন বৰগোহাঞিদেৱ আৰু কিছু অনুভৱ। লেখা: শ্বাশ্বতী প্ৰিয়দৰ্শিনী, বোকাখাত

আজি অসমে কান্দিছে
কিন্তু, মৃত্যু যে চিৰসত্য!

হোমেন বৰগোহাঞিদেৱে কৈছিল- “মৰিবলৈ মই সমূলি ভয় নকৰো। এনে অসত্য আৰু অবাস্তৱ দাবী মই কেতিয়াও নকৰো। জীৱনটোক মই ইমান বেছি ভাল পাওঁ যে মৃত্যুৰ কথা মনলৈ আহিলেই মনটো বিষাদত ভাৰাক্ৰান্ত হৈ পৰে”।

এক সাংঘাটিক সন্মোহনী শক্তি আছিল তেখেতৰ কথা কোৱাৰ কলাত, যাৰবাবে অসমবাসীয়ে তেওঁক “কথাশিল্পী”ৰূপে অভিহিত কৰে। সাংবাদিকতাৰ পিতামহজনে সেই পঞ্চাশৰ দশকতে ৰামধেনু যুগত সাংবাদিকতা আৰম্ভ কৰিছিল। কি লিখা নাছিল তেওঁ… গল্প, কবিতা, উপন্যাস, আত্মজীৱনী। “কিতাপ পঢ়াৰ আনন্দ” আৰু “কাম কৰাৰ আনন্দৰ” মাজেৰে এক “সৰল জীৱন সুখী জীৱন” গঢ়ি তুলিবলৈ শিকাই থৈ গ’ল এইজনা মহীৰূহে। সঁচাই, “আজি অসমীয়া সাহিত্যজগতৰ এটা উজ্জ্বল নক্ষত্ৰ খহি পৰিল”।

লেখক হিচাপে হোমেন বৰগোহাঞিদেৱ সফল। প্ৰতিজন অসমীয়াক “আত্মানুসন্ধান” কৰিবলৈ শিকোৱা এইজনা মহান মনীষী তেওঁৰ সৃষ্টিৰাজীৰ মাজেৰে জীয়াই থাকিব আমাৰ মাজত, অসমবাসীৰ হৃদয়ত।

যুগদ্ৰষ্টা সাহিত্যিকজন নিৰলে গ’লগৈ। যোৱাৰ আগে আগে অসমীয়া সাহিত্যৰাজিক অনন্তকাললৈ ঋদ্ধ কৰি থৈ গ’ল।
হে শব্দৰ সাগৰ, আপোনাক বিদায়!

Leave a Reply

Your email address will not be published. Required fields are marked *