হে মহান আপোনাক বিদায় জনাব নোৱাৰোঁ। লেখা: হেমা চৌধুৰী গগৈ, গোলাঘাট

অবিশ্বাস্য খবৰটোৱে শৰীৰটো কঁপাই তুলিছিল
আৰু কিমান হেৰুৱাব লাগিব আমি ! প্ৰিয় মানুহ, অসমৰ সমাজ জীৱনৰ একো একোজন সম্পদ হঠাৎ হেৰাই যাবলৈ ধৰিছে।
হোমেন বৰগোহাঞিদেৱ আছিল অসমীয়া জাতিৰ মহীৰূহ স্বৰূপ, যিজনে জীৱনৰ শেষ সময়লৈকে অসমীয়া ভাষা সাহিত্য জগতৰ বাবে অহৰহ কাম কৰি গৈছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমি বঁটা বিজয়ী, সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ ” জীৱন সুন্দৰ আৰু ভয়ঙ্কৰ” গ্ৰন্থখন মই প্ৰথম পঢ়িছিলোঁ। যিখন গ্ৰন্থত তেখেতৰ জীৱনৰ ঘটনাসমূহ বিষদভাৱে বৰ্ণনা কৰিছিল আৰু প্ৰতিটো ঘটনাৰ মাজেৰে একোটা বাৰ্তা এৰি দিছিল।তেখেতৰ প্ৰতিটো লেখনিৰ দ্বাৰা বুজিব পাৰি তেখেতৰ অপৰিসীম জ্ঞানৰ কথা।
ধীৰ-স্থিৰ,সহজ-সৰল গুৰু-গম্ভীৰ , বুদ্ধিজীৱী পৰম আত্মবিশ্বাস আৰু অনুশীলনৰ মাজেৰে জীৱন কটোৱা হে মহান পুৰুষ, আপোনাক বিদায় জনাব নোৱাৰোঁ। আপুনি চিৰদিন চিৰকাল অসমীয়াৰ বুকুত জীয়াই থাকিব , সেই সমাজে আপোনাক মনত ৰাখিব যি সমাজক আপুনি জীয়ন মন্ত্ৰ দি গৈছে।
আপোনাৰ বিদেহ আত্মাই বৈকুণ্ঠত স্থান পাওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *