মহীৰূহৰ মহাপ্ৰয়াণত শত নমন লেখা: মানসজ্যোতি নাথ, ৰাজহচক্ৰ বিষয়া বোকাখাত
![](https://www.kazirangalive.in/wp-content/uploads/2021/05/IMG-20210512-WA0038.jpg)
ষষ্ঠ মান শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা, কলিয়াবৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উপলক্ষে কেন্দ্ৰীয় ভাবে আয়োজিত অন্যান্য অনুস্থানৰ লগতে কুইজ প্ৰতিযোগিতাৰ খ শাখাত (পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰত) প্ৰথম স্থান লাভ কৰাৰ বাবে পুৰস্কাৰ হিচাপে “মোৰ সাংবাদিক জীৱন” নামৰ কিতাপ খন পাইছিলো। সেয়াই আছিল তেখেতৰ সৃজনশীল সাহিত্যৰাজিৰ লগত প্ৰথম চিনাকী। কিতাপ খন এক সপ্তাহৰ ভিতৰতে পঢ়ি শেষ কৰিলো। বয়স হিচাপে অধিক তত্বগধুৰ আছিল যদিও কিতাপ খনে সাংঘাটিক ভাবে মনত সাচঁ পেলাইছিল । সেই খন পঢ়ি শেষ কৰাৰ পিছত বাইদেউ এগৰাকীয়ে মোৰ আগ্ৰহ দেখি “আত্মানুসন্ধান” নামৰ তেখেতৰ অনন্য আত্ম জীৱনী স্বৰূপ কিতাপ খন উপহাৰ হিচাপে হাতত তুলি দিছিল। গো গ্ৰাসে পঢ়ি পেলাইছিলো সেই বৃহৎ কলেবৰৰ গ্ৰন্থ খন । শৈশৱ আৰু কৈশোৰৰ বয়:সন্ধিৰ সময়ত বাহিৰা কিতাপ এখন কিনিবলৈ দুপইচা পালেই সদায়েই তেখেতৰ সৃষ্টি ৰাজিৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ গৈছিল। কিতাপৰ মাজত সোমাই আজৰি সময় কটোৱা আমাৰ প্ৰজন্মৰ বাবে তেখেত উজ্জ্বল নক্ষত্ৰ হৈ আছিল, যি জনে নিৰবধি বৈ যোৱা জ্ঞানৰ নিজৰা বোৱাইছিল, প্ৰজ্ঞাৰ আলোক বিলাইছিল । হে বটবৃক্ষ, তুমি উভালি পৰা নাই, তোমাৰ অমৃতফল যুগে যুগে ৰৈ যাব প্ৰজ্ঞাৰ সন্ধানী সকলোৰে মাজত। তোমাৰ মহাপ্ৰয়াণৰ এই মূহুৰ্তত তোমাক শত শত নমন।