কাজিৰঙাত দুজন স্থায়ী বনকৰ্মী সহ চাৰিজনক আটক।

নিউজ ডেস্ক, কাজিৰঙা লাইভ ,৩ নবেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে বনকৰ্মী জড়িত থকাৰ অভিযোগত আজি পুনৰ দুজন বনকৰ্মী আৰু দুজন খড়্গৰ চোৰাং ব্যৱসায়ীক আটক কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ পুৰ্বে আটক কৰা অস্থায়ী বনকৰ্মীৰ স্বীকাৰোক্তি আৰু অনুসন্ধানৰ তথ্যৰ আধাৰত কাজিৰঙাৰ ডি এফ অ ‘ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰীয়ে সোমবাৰৰ নিশা কাজিৰঙাত কৰ্মৰত বনকৰ্মী ভিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰ উপৰিও কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক আটক কৰে ৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, বনকৰ্মী ভিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা সংগৃহীত গঁড়ৰ খৰ্গ কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক ধনৰ বিনিময়ত বিক্ৰী কৰিছিল। ইতিমধ্যে সেইকথা বনকৰ্মী কেইজনে স্বীকাৰ কৰিছে ৷ ভিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰৰ স্বীকাৰোক্তিৰ আধাৰতে কুঠৰীৰ নুৰ ইছলাম আৰু আব্দুল আলীক আটক কৰে অভিযানকাৰী দলে ৷ ধৃত চাৰিজন ব্যক্তিকেই আজি বোকাখাতৰ আদালত হাজিৰ কৰাৰ পাচত আদালতে চাৰিওকে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী নুৰ ইছলাম আৰু আব্দুল আলীৰ স্বীকাৰোক্তি মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ীৰ সৈতে আৰু বহু লোকৰ নামো সাঙুৰ খাই আছে ৷ পৰৱৰ্তী অনুসন্ধানত আৰু বহু লোক আটক হোৱাৰ সম্ভাৱনা আছে ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈৰ নেতৃত্বত চলা এই অভিযানত এতিয়ালৈকে ২৫ গৰাকী লোকক গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অপৰাধত বন বিভাগে আটক কৰিছে ৷ ইয়াৰে ৮ জন হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অস্থায়ী আৰু দুজন স্থায়ী বনকৰ্মী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *