কাজিৰঙাত মন্ত্ৰী অতুল বৰাই উদ্ধোধন কৰিলে ৪৪ লাখ টকাৰ কেইবাটাও আঁচনিৰ কাম।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ জুলাই: কাজিৰঙাত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও পথ, মন্দিৰ আৰু বজাৰ গৃহৰ আধাৰশিলা স্থাপন। শনিবাৰে কৃষি মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই বোকাখাত সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাত ৪৪ লাখ টকাৰ কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কহঁৰা চাৰিআলিৰ সমীপত ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা এখন বজাৰ লগতে, এটা মন্দিৰ আৰু ৯ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা পঞ্চায়ত ভৱনৰ আধাৰশিলা স্থাপন কৰে।আনহাতে, মন্ত্ৰী গৰাকীয়ে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচ খন গাঁৱত ৫ লাখ টকাকৈ ব্যয় সাপেক্ষে নিৰ্মান হব লগা তিনিটা পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱা দুটা পথৰ শুভাৰম্ভ কৰে। মন্ত্ৰী গৰাকীৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে, বোকাখাতৰ অগপ-বিজেপি ৰ দলীয় কৰ্মীৰ লগতে বিভাগীয় একাংশ বিষয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *