বানৰ কৱলত পৰি কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আশ্ৰয় লোৱা গঁড়ৰ মৃত্যু। বন বিভাগৰ গাফিলতীৰ বাবে গঁড়টোৰ মৃত্যু হোৱাৰ অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ জুলাই: বনবিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই অৱশেষত মৃত্যু হল যন্ত্ৰণাত চটফটাই থকা অসম গৌৰৱ এশিঙীয়া গঁড় ৷কাজিৰঙাৰ বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত দুৰ্বল আৰু চকুৰ অসুখত ভুগি আশ্ৰয় লৈ থকা গঁড়টোৰ মৃত্যু হয় ৷যোৱা ১৭ জুলাইৰ পৰা প্ৰায় ছদিন ধৰি ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈ থকা গঁড়টো ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বাগৰি বনাঞ্চলৰ দুসুতি বনশিবিৰৰ কাষত আশ্ৰয় লৈ আছিল। উল্লেখ যে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাহৰ পতাৰ পাছত বন বিভাগ আৰু কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পূৰ্ণ প্ৰচেষ্টাত প্ৰায় সুস্থ হৈ উঠিল বুলি জানিবলৈ দিছিল উদ্যান কৰ্তৃপক্ষই ৷সুস্থ হোৱাৰ বাবে উদ্যানৰ অন্তৰ্ভাগলৈ গঁড়টো বন কৰ্মীয়ে খেদি পঠাইছিল। ২২ জুলাই তাৰিখে উদ্যানলৈ খেদি পঠিওৱা গঁড়টো বাগৰি বনাঞ্চলৰ দুসুতি বন শিবিৰ এলেকাত আশ্ৰয় লৈ থকা অৱস্থাত তৃতীয়টো বানে প্লাবিত কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বানৰ মাজত গঁড়টো তিনিদিন ধৰি আবদ্ধ হৈ থকা অৱস্থাত শুক্ৰবাৰে দিনৰ ভাগত মৃত্যু হয় গঁড়টো। আনহাতে বন বিভাগৰ গাফিলতিৰ বাবে গঁড়টোৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ যে বন বিভাগে সঠিক সময়ত চিকিৎসা প্ৰদান কৰা হলে গঁড়টো মৃত্যু মুখত নপৰিলে হয়। গঁড়টো সুস্থ হোৱা বুলি ভুৱা আশ্বাস দি উদ্যানৰ ভিতৰলৈ লৈ যোৱা হয় ব্যাগোম বনবিভাগ আৰু চিকিৎসকৰ দলৰ দ্বাৰা ৷ ইফালে গঁড়টোক চিকিৎসা কৰি গুৱাহাটীৰ চিৰিয়াখানালৈ লৈ যাৱৰ বাবে আহিছিল চিকিৎসকসহ চিৰিয়াখানাৰ এটা দল,কিন্তু দুৰ্ভাগ্যজনক ভাৱে সেই দলটোক চিকিৎসা প্ৰদান কৰিবলৈ অনুমতি নিদিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ঘূৰাই পঠিওৱা হল গুৱাহাটী চিৰিয়াখানাৰ দলটোক৷ যাৰ বাবে গঁড়টোৱে কৰুণ মৃত্যুক সাৱতি লৱলগীয়া হয় ৷ ইফালে বনবিভাগক সংগঠনটোৰ সকীয়নি যে পুনৰ যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় ৷ আনহাতে চলিত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে ১৩ টা গঁড়ৰ মৃত্যু হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *