দৃষ্টিহীন স্বামী আৰু ৰোগীয়া পত্নীৰ কাষত প্ৰশাসনিক বিষয়া আৰু কেইগৰাকীমান শুভাকাংক্ষী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ মেঃ পুৰণা মামৰে ধৰা টিনৰে কোনোমতে এফাল চালি আৰু বেৰা দিয়া জুপুৰি সদৃশ এটি গৃহতে জীৱন নিৰ্বাহ কৰিছে দুৰ্ভগীয়া দুজনীয়া পৰিয়ালে এটাই । এয়া কলিয়াবৰৰ শিলঘাটৰ সমীপৱৰ্তী ৰবৰবাৰীৰ জীয়া কাহিনী । অসম সমবায় মৰাপাট কলৰ এগৰাকী প্ৰাক্তন শ্ৰমিক গোপাল দে’ আৰু তেওঁৰ পত্নীয়ে ২০০৮ চনৰ পৰাই এনেদৰে বাস কৰি আহিছে এই জুপুৰিটোত । পাহাৰৰ নামনিত জীৱন অতিবাহিত কৰা দৃষ্টিহীন স্বামী গোপাল দে’ আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত পত্নী কালীমণি দে’ দুয়ো শয্যাগত। বিচনা বুলিবলৈ একোৱেই নাই স্বামী-স্ত্ৰী দুয়োৰে । অসম সমবায় মৰাপাট কলৰ অৱসৰপ্ৰাপ্ত শ্ৰমিক গোপাল দে’-এ লাভ কৰা মাহিলী পেঞ্চন ১০০০/- টকাৰে জীৱন যুদ্ধৰ সংগ্ৰাম খন দীৰ্ঘদিন ধৰি চলাই আছে যদিও কোনো দিনে ভাগৰুৱা হোৱা নাই গোপাল দে’ । স্থানীয় এগৰাকী হৃদয়বান লোকে গোপাল দে’ক প্ৰতি মাহে বেংকলৈ নি পেঞ্চনৰ ধন উলিয়াই দি সহায় কৰি অহাত দুবেলা-দুমুঠি খাই জীয়াই আছে স্বামী-স্ত্ৰী দুয়ো । চৰকাৰৰ কোনো উন্নয়ণমূলক আঁচনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ লক্ ডাউনৰ এই সময় চোৱাতে আশাৰ বতৰা কঢ়িয়াই আনিলে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগে । অসম সমবায় মৰাপাট কলৰ উপ-সভাপতি তথা স্থানীয় সমাজকৰ্মী পলাশ বৰাক লগত লৈ মহকুমাধিপতি বিতোপন নেওগ হঠাতে উপস্থিত হ’ল অশীতিপৰ এই হাল দম্পতিৰ বাসস্থানত । প্ৰতিশ্ৰুতি দিলে দুয়োৰে বাবে এটা বাসগৃহ নিৰ্মাণ কৰি উপহাৰ দিয়াৰ কথা।
কথা মতে কাম। অসম সমবায় মৰাপাট কলৰ উপ-সভাপতি তথা স্থানীয় সমাজকৰ্মী পলাশ বৰা সহ কেইবাগৰাকী শুভাকাংক্ষীৰ সহযোগত মহকুমাধিপতি বিতোপন নেওগৰ তত্বাৱধানত এতিয়া বাসগৃহটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে ৷ দুৰ্ভগীয়া দম্পতিৰ তিনি পুত্ৰসন্তান থকাৰ পিছতো ৰোগীয়া পিতৃ-মাতৃৰ যতন লবলৈ আহৰি নাই তিনি সন্তানৰ । তথাপিতো আক্ষেপ নাই নিজ সন্তানৰ প্ৰতি । শেহতীয়াকৈ মহকুমাধিপতি গৰাকীৰ এনে প্ৰচেষ্টাই এতিয়া হাঁহি বিৰিঙাইছে দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত ।

Leave a Reply

Your email address will not be published. Required fields are marked *