অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ মে’: ক’ৰণা ভাইৰাচৰ সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ অসম চৰকাৰে বিশেষ ভাবে প্ৰৱৰ্তন কৰা চৰকাৰী পদক্ষেপ সমূহ গোলাঘাট জিলা জিলা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গ্ৰহণ কৰিবলৈ গোলাঘাট জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শকে আহ্বান জনাইছে৷উল্লেখ্য যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান আৰু গণিত বিষয়ৰ এটা শিক্ষা অনুষ্ঠান প্ৰত্যেক সোমবাৰ,মঙ্গলবাৰ,বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে পুৱা ১০বজাৰ পৰা ১১-১৫ বজালৈ দুৰদৰ্শন কেন্দ্ৰৰ যোগেদি সম্প্ৰচাৰ কৰা হৈছে৷ইফালে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘বিশ্ব বিদ্যা অসম’ নামেৰে ইউটিউব চেনেলৰ সহায়ত সাধাৰণ বিজ্ঞান,সাধাৰণ গণিত, ইংৰাজী শব্দ ভাণ্ডাৰ আৰু ব্যাকৰণ পাঠদানৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷বিশ্ব বিদ্যা অনুষ্ঠানৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অসমীয়া আৰু ইংৰাজী ভাষাত বিজ্ঞান,সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ ওপৰত উচ্চ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ ভিত্তিক শিকন ফলাফল প্ৰত্যেক সোমবাৰ,বুধবাৰ আৰু শুক্ৰবাৰে সন্ধিয়া ৫-৪৫ বজাৰ পৰা ৬ বজালৈ গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগেদি সম্প্ৰচাৰ হৈ আহিছে৷ইফালে ই শিকন মাধ্যমৰ বাবে ‘দিশা’ আৰু ‘বিশ্ব বিদ্যা অসম’ নামৰ দুটা মুবাইল এপ মুকলি কৰিছে অসম চৰকাৰে৷অসম চৰকাৰৰ এনে পদক্ষেপৰ ওপৰিও গোলাঘাট জিলাত অনলাইন পাঠদানৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে৷ছাত্ৰ-ছাত্ৰী সকল যাতে লক ডাউনৰ সময়চোৱাত পাঠদানৰ ক্ষেত্ৰত কোনো কাৰণতে বঞ্চিত নহয় তাৰ বাবে বিদ্যালয় প্ৰধানৰ লগতে জিলা খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলক বিদ্যালয় পৰিদৰ্শকে বিশেষ ভাবে আহ্বান জনাইছে ।এই ক্ষেত্ৰত অভিভাৱক সকলৰ সহযোগিতা কামনা কৰিছে পৰিদৰ্শক জনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *