জানুৱাৰীত “কাজিৰঙা মহোৎসৱ”। ল’গ উন্মোচন কৰে মন্ত্ৰী অতুল বৰাই।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ নৱেম্বৰ: অহা ৫, ৬ আৰু ৭ জানুৱাৰীত কাজিৰঙাত অনুষ্ঠিত হ’ব “কাজিৰঙা উৎসৱ ২০২০” ৷ বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় ৰাইজ , কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত অনুষ্ঠিত হ’ব লগিয়া কাজিৰঙা উৎসৱৰ ল’গ’ শনিবাৰে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মন্ত্ৰী অতুল বৰাই। বন্তি প্ৰজ্জ্বলনেৰে মন্ত্ৰী অতুল বৰাই শুভাৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম আৰু প্ৰশাসনিক বিষয়া সকল ৷ কাজিৰঙাৰ কহঁৰা আৰু অগৰাতলিত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কাজিৰঙা উৎসৱত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাট নিৰাময়ৰ বিষয়ত বিশেষ প্ৰাধান্য দিয়া হ’ব ৷ থলুৱা খাদ্য সম্ভাৰ, সাজপাৰ, সংস্কৃতিৰ মাজেৰে পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ’ব কাজিৰঙা উৎসৱত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *