কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যপালৰ হাতী চফৰ

কাজিৰঙাত উপস্থিত হৈ ৰাজ্যপালৰ মন্তব্য ’বৰ্তমান অসমৰ পৰিবেশ শান্ত”

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ নৱেম্বৰ: দুদিনীয়া ভ্ৰমণ সূচী লৈ কাজিৰঙাত উপস্থিত হোৱা ৰাজ্যপাল জগদীশ মুখীয়ে সোমবাৰে পুৱা পৰিয়াল সহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী কৰে ৷ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতী ছাফাৰী কৰি ৰাজ্যপাল গৰাকীয়ে মন্তব্য কৰে যে কাজিৰঙাত নিৰ্মাণ কৰা ৩৩ টা হাইলেণ্ডৰ বাবে বিগত বানত বহু বন্যপ্ৰাণীৰ প্ৰাণ ৰক্ষা পৰে ৷ আনহাতে তেওঁ মন্তব্য কৰে যে অসমৰ পৰিবেশ এতিয়া শান্ত ৷ গতিকে দেশী বিদেশী পৰ্যটকৰ মনৰ পৰা শংকা ভাৱ আঁতৰাই পৰ্যটকৰ বাবে এটা সুন্দৰ পৰিবেশ সৃষ্টি কৰিব লাগিব ৷ আনহাতে কাজিৰঙাত এতিয়া দেশী পৰ্যটকৰ লগতে ভিৰ বাঢ়িছে বিদেশী পৰ্যটকৰ ৷ বিশেষ ভাৱে চীন দেশৰ পৰ্যটকৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্টসংখ্যক বৃদ্ধি পাইছে ৷ লগতে অষ্ট্ৰিয়া ,অষ্ট্ৰেলিয়া, বৃটেইন, আমেৰিকা আদিৰ পৰ্যটকে ভিৰ কৰিছেহি কাজিৰঙাত ৷ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে মুকলি দিনৰ পৰা আজিলৈকে প্ৰায় ১৪০০ বিদেশী পৰ্যটকে দৰ্শন কৰিছে কাজিৰঙা ৷সোমবাৰে কহঁৰা বনাঞ্চলতে হাতী ছাফাৰী কৰা পৰ্যটকৰ সংখ্যাই হল ৩৮ জন।

Leave a Reply

Your email address will not be published. Required fields are marked *