অকৰ্মন্য বিভাগত পৰিণত হৈছে ৰাজ্যৰ জল পৰিবহণ বিভাগ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ নবেম্বৰঃ
ৰাজ্যত জল পৰিবহন বিভাগৰ অকৰ্মন্যতা আৰু দ্বায়িত্ব-জ্ঞানহীনতাৰ বাবেই বিভিন্ন সময়ত জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ যাত্ৰীয়ে । যাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় সামান্যতম সুবিধা প্ৰদান কৰাতো ব্যৰ্থ হৈছে এই বিয়াগোম বিভাগটো । অভিযোগ অনুসৰি, বোকাখাতৰ ধনশিৰি-গমিৰী অভিমুখী জলপৰিবহণ বিভাগৰ অধীনত চলা-চল কৰা আটাইকেইখন ফেৰীতে নাই সংকটকালীন নিৰাপত্তা । তদুপৰি, বোকাখাতৰ যিটো ঘাটৰ পৰা জলপৰিবহন বিভাগৰ এই ফেৰী সমূহ চলাচল কৰে সেই ঠাইত যাত্ৰীসকলৰ বাবে কোনো জিৰণি ঘৰৰ ব্যৱস্থা নাই । ৰ’দে-বৰষুণে একাকাৰ কৰি যাত্ৰী সকলে অপেক্ষা কৰিব লাগে ফেৰীলৈ। আনকি ঘাটত যাত্ৰীৰ নাম পঞ্জীয়ণ ৰখাৰ কোনো ব্যৱস্থা পৰিলক্ষিত নহ’ল আজিলৈকে । ধনশিৰি-গমীৰি ঘাটত অসম জলপৰিবহণ বিভাগে ১২ গৰাকীকৈ চৰকাৰী কৰ্মচাৰী নিয়োগ কৰিছে যদিও নিয়মীয়া উপস্থিতি এজন বা দুজনৰহে হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য, এইসকল কৰ্মচাৰী তথা বিভাগীয় লোকৰ অমনোযোগিতাৰ বাবেই বিগত এটা বছৰত চৰকাৰী ধনেৰে ক্ৰয় কৰা এখন বৃহৎ ফেৰীৰ জলসমাধি ঘটিল আৰু আজিলৈকে সেই ফেৰীখন উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এই বিভাগটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *