ৰান্ধনী সহায়িকাৰ আৰক্ষীৰে খণ্ড যুদ্ধ। মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি ৰান্ধনী সহায়িকা সন্থাৰ কলিয়াবৰত প্ৰতিবাদ

কাজিৰঙা লাইভ, কলিয়াবৰ, ৯ নৱেম্বৰ: বিদ্যালয়ৰ মধ্যাহ্ন ভোজন যোগানৰ ঠিকা বেচৰকাৰী সংস্থাক গতাই দিয়াক কেন্দ্ৰ কৰি ৰন্ধন কৰ্মীসকলে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি কলিয়াবৰত ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ । নগাঁও জিলা , মৰিগাঁও জিলাৰ লগতে কলিয়াবৰ ও ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰান্ধনী সহায়িকা সন্থাই আজি কলিয়াবৰ তিনিআলিত ৰূপায়ণ কৰে এই প্ৰতিবাদ । মধ্যাহ্ন ভোজনৰ খাদ্য যোগান এন জি অক দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰান্ধনী সহায়িকা সকলে ৷ পথ অৱৰোধৰ সময়ত ৰান্ধনী সহায়িকা সকলৰ লগত আৰক্ষীৰে সৃষ্টি হয় খণ্ড যুদ্ধ । ৰান্ধনী সহায়িকা সকলে শিক্ষা মন্ত্ৰী হায় হায় , এন জি অ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। আানহাতে ৰান্ধনী সহায়িকা সকলক চৰকাৰে দৰমহা বৃদ্ধি কৰা , চতুৰ্থ শ্ৰেণী হিচাপে মৰ্যদা দিয়া, এন জি অক দায়িত্বৰ পৰা অব্যাহতি দিয়াকে ধৰি বিভিন্ন দাবী তুলি শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *