বোকাখাতত পৰিত্যক্ত অৱস্থাত পচি গৈছে জনস্বাস্থ‍্য‍ কাৰিকৰী বিভাগৰ বহু মূল্যবান সামগ্ৰী

কাজিৰঙা লাইভ, বোকাখাত, ৮ নৱেম্বৰ : জংঘলত পচিছে কোটি-কোটি টকাৰ চৰকাৰী সামগ্ৰী ৷যি সময়ত এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তত ৰাইজে হাহাকাৰ কৰি ফুৰিছে তথা অনাময় আঁচনিৰ জৰিয়তে এটি শৌচাগাৰ লাভৰ বাবে হিতাধিকাৰী সকলে কাৰ্যালয়ে কাৰ্যালয়ে তাঁতবাটি কৰি ফুৰিছে ঠিক সেই সময়ত পোহৰলৈ আহিছে বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত কোটি-কোটি টকাৰ মূল্যবান চৰকাৰী সামগ্ৰী বিনষ্ট হোৱাৰ ভয়াবহ দৃশ্য ৷ যি দৃশ্য দেখিলে হয়টো আপোনাৰ চকু কঁপালত উঠিব ৷ বোকাখাত জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল কাৰ্যালয়ৰ পৰা প্ৰায় পাঁচশ মিটাৰ দূৰৈত অৱস্থিত এটা গুদাম ঘৰ। আৰু এই গুদাম ঘৰটোৰ পাচফালে মুকলি আকাশৰ তলত হাজাৰ-হাজাৰ পাইপ, অনাময় আঁচনিৰ শৌচাগাৰৰ কুমুদ, মাৰ্ক ২ দমকল, এখন ট্ৰাক আদিকে ধৰি বিভিন্ন সামগ্ৰী এতিয়া ধ্বংস হৈ পচি যোৱাৰ উপক্ৰম হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই কাণ্ডই উন্মোচন কৰিছে চৰকাৰী সা-সামগ্ৰী ধ্বংস কৰি কোটি কোটি টকাৰ চৰকাৰী ধন অপচয় হোৱাৰ এক ভয়াবহ ছবি ৷ বছৰ-বছৰ ধৰি গুদাম ঘৰটোৰ পাছফালে এনেদৰেই কোটি-কোটি টকাৰ এই চৰকাৰী সামগ্ৰী সমূহ পৰিত্যক্ত অৱস্থাত পৰি আছে ৷ কিন্তু বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ হিতাধিকাৰী সকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়লৈ যি কোনো আঁচনি বিচাৰি তাঁতবাটি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ কিন্তু কাৰ্যালয়টোৰ তৰফৰ পৰা দৰিদ্ৰ হিতাধিকাৰী সকলক অনাময় আঁচনিৰ ডাছবিন আৰু বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বিপৰীতে এনেদৰে বছৰ-বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পেলাই থৈছে এই চৰকাৰী সামগ্ৰী সমূহ ৷ বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তত এতিয়া এক প্ৰহসণত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি সমূহ ৷ পাইপ আৰু ফিল্টাৰৰ অভাৱত বছৰ-বছৰ ধৰি বন্ধ হৈ আছে পানী যোগান আঁচনি সমূহ ৷ বিপৰীতে বহু মূল্যবান হাজাৰ-হাজাৰ পাইপ এতিয়া এনেদৰেই পৰি আছে এই গুদাম ঘৰটোৰ পাছফালে মুকলি আকাশৰ তলত ৷ হাবি জংঘলৰ মাজত এনেদৰেই পাইপ সমূহ বছৰ-বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি থকাৰ ফলত এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পথত ৷ অনাময় আঁচনিৰ কুমুদ সমূহ বিছিংখল অৱস্থাত পেলাই থোৱা হৈছে ৷ আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ট্ৰাকখন এনেদৰেই বছৰ-বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পেলাই থোৱাৰ ফলত সম্প্ৰতি পছি গৈছে ৷ মাৰ্ক ২ লোৰ সুন্দৰ সুন্দৰ দমকল সমূহ এনেদৰেই হাবি-জংঘলৰ পেলাই থোৱা হৈছে ৷ মামৰে ধৰি এই মাৰ্ক২ ৰ মূল্যবান দমকল সমূহ এতিয়া ধ্বংস হোৱাৰ পথত ৷ এই বিষয়ে ইতিমধ্যে বহুবাৰ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে যদিও গা-লৰা নাই বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ ৷ স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী গৰাকীৰ লগতে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ অনুৰোধ জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *