ভেঁকোভাওনাত পৰিণত কাজিৰঙাৰ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩০ অক্টোবৰ :
ভেঁকোভাওনাত পৰিণত হৈছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন ৷ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নামত চলি অহা ভেঁকোভাওনাৰ স্বৰূপ উদঙাইছে কাজিৰঙাৰ কহঁৰা আদৰ্শ চিকিৎসালয়ৰ দুৰৱস্থাই ৷ চিকিৎসালয় খন উদ্ধোধন হোৱাৰ প্ৰায় দুটা বছৰ অতিক্ৰম কৰাৰ পাছতো কাজিৰঙা বাসীক আশাহত কৰি ৰোগীৰ মাত্ৰ পাঁচ টকাৰ মাচুলেৰে চলিছে কাজিৰঙাৰ কহঁৰা আদৰ্শ চিকিৎসালয় খন ৷ আনহে নালাগে ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি চিকিৎসালয় খনৰ দেৱালত উলমি আছে ম্যাদ উকলা অগ্নি নিৰ্বাপক চিলিণ্ডাৰ ৷ এনেক্ষেত্ৰত চিকিৎসালয় খনৰ প্ৰতি ৰাজ্য চৰকাৰে কৰা অৱহেলাৰ বিৰোদ্ধে গৰজি উঠিছে আটছাৰ বোকাখাত শাখা সমিতি ৷ উল্লেখ্য যে আটছাৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত স্বাস্থ্য বিভাগে কহঁৰা আদৰ্শ চিকিৎসালয় খন শ্বহীদ বেজা বৈষ্ণৱ বাউৰীৰ নামত উৎসৰ্গা কৰিছিল ৷ এতিয়া চিকিৎসালয় খনৰ এই দুৰৱস্থা শ্বহীদ গৰাকীৰ প্ৰতি অপমান বুলি মন্তব্য কৰিছে আটছাই।আটছাৰ অভিযোগ যে স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই চিকিৎসালয় ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৷মন্ত্ৰী হাজৰীকাই কিছু দিনৰ পূৰ্বে কহঁৰা আদৰ্শ চিকিৎসালয়ৰ নামত পাঁচ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষনা কৰিছিল যদিও বৰ্তমানলৈকে এটকাও লাভ কৰা নাই চিকিৎসালয় খনে ৷ এনে পৰিস্থিতিত আটছাই অতি শীঘ্ৰে চিকিৎসালয় খনৰ উন্নয়নৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *