বোকাখাতত ব্যৱসায়ীক অখ্যাত সংগঠনৰ নেতাৰ ধন দাবী।

কাজিৰঙা লাইভ, বোকাখাত, ২৭ ছেপ্টেম্বৰ: একাংশ অখ্যাত সংগঠনৰ নেতাই একাংশ ব্যৱসায়ীক ধন দাবী কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে বোকাখাততো একাংশ ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ মতে, বৃহস্পতিবাৰে বিয়লি বোকাখাতৰ সাপজুৰিৰ মহাবীৰ পাটোৱাৰী নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে গুটখা বিক্ৰী কৰাৰ অভিযোগ তুলা কোনো সংগঠনৰ নামলৈ জনৈক ৰাজা সূত্ৰধৰ নামৰ এজন যুৱকে সাংগো-পাংগো সহ ধন দাবী কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা ম’তে, সূত্ৰধৰৰ নেতৃত্বত যুৱকৰ দলটোৱে বোকাখাতত ব্যৱসায়ী জনক বলপূৰ্বকভাৱে নম্বৰপ্লেট বিহীন এখন এলট’ গাড়ীত উঠাই কমাৰগাঁৱৰ দিশে লৈ যায় ৷ কমাৰগাঁৱৰ পৰা উভতি অহাৰ পথত মহাবীৰ পাটোৱাৰীৰ পৰা জনৈক ৰাজা সুত্ৰধৰ আৰু লগৰ দুজনে ৮ হাজাৰ টকা আদায় লৈ পুনৰ তেওঁক বোকাখাতত এৰি দিয়ে ৷ ইয়াৰ পিছতে ভুক্তভোগী মহাবীৰ পাটোৱাৰীয়ে ৰাজা সূত্ৰধৰৰ বিৰুদ্ধে বোকাখাত থানাত এখন এজাহাৰ দাখিল কৰে ৷ শুক্ৰবাৰে নিশাই বোকাখাত আৰক্ষীয়ে ৰাজা সুত্ৰধৰক আটক কৰে ৷ বোকাখাত আৰক্ষীয়ে ৰাজা সূত্ৰধৰক সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আনহাতে আন আন লোকৰ পৰাও সূত্ৰধৰ আৰু তেওঁৰ সহযোগীয়ে ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *