চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰাপ্তিৰ বাবে চৰকাৰৰ প্ৰদক্ষেপ ।

কাজিৰঙা লাইভ, কলিয়াবৰ, ২৭ ছেপ্টেম্বৰ: চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰাপ্তিৰ বাবে প্ৰয়োজনীয় চৰ্ত পূৰণৰ ব্যৱস্থা গ্ৰহন কৰিছে চৰকাৰে ৷ লগতে শিৱসাগৰ আৰু শোনিতপুৰক হেৰিটেজ চিটি কৰা হ’ব। এই কথা সদৰি কৰিছে অসম চৰকাৰৰ জলসম্পদ, বিজ্ঞান, তথ্য-প্ৰযুক্তি, প্ৰত্নতত্ত্ব আৰু পুথিভঁৰাল বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ উল্লেখ্য যে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত কলিয়াবৰৰ আমনিৰ SIRD প্ৰেক্ষাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা ঐতিহ্য সজাগতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ই এই কথা সদৰি কৰে। পুৱা মংগলাচাৰণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা সজাগতা সভাৰ আদৰণি ভাষণ আগবঢ়াই প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০দিপীৰেখা কুলীয়ে। সন্মানিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুনীন হাজৰিকা ৷ নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া, মহকুমাধিপতি বিতোপন নেওগ ঐতিহ্য সজাগতা সভাত উপস্থিত থাকে। ঐতিহ্য সজাগতা অনুষ্ঠানত ঐতিহ্যমণ্ডিত কলিয়াবৰ শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলোচনা চক্ৰৰ মুখ্য বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০শীলা বৰাই অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০ দিপীৰেখা কুলীয়ে অসমৰ ঐতিহ্য সংৰক্ষণৰ বিষয়ত আলোকপাত কৰে। তাৰোপৰি পুৰণি গুদাম ড০বি কে বি কলেজৰ অধ্যক্ষ ড০ নৃপেন চন্দ্ৰ দাসে কলিয়াবৰৰ ঐতিহাসিক পটভূমিৰ ওপৰত পৰ্যালোচনা কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই আলোচনা চক্ৰত কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক নবীন বৰঠাকুৰে কলিয়াবৰৰ প্ৰত্নতত্ত্বিক সম্পদ সমূহৰ ওপৰত আলোকপাত কৰে। সজাগতা দিৱসৰ লগত সংগতি ৰাখি আলোকচিত্ৰ প্ৰদৰ্শনী পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ মুকলি ৰখা হয়।

Picture Source: Internet

Leave a Reply

Your email address will not be published. Required fields are marked *