ভূত বাংলালৈ পৰিণত কাজিৰঙাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিথিশালা,অচল পানী যোগান আচঁনি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ ছেপ্টেম্বৰ: সম্প্ৰতি কাজিৰঙাত ভূত বাংলালৈ পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসী পৰিদৰ্শন বাংলা ৷জহি-খহি গৈছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা বৃহত্তৰ কাজিৰঙা পানী যোগান প্ৰকল্প ৷২০১৩ চনতে কংগ্ৰেছ চৰকাৰৰ আমোলত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী গৌতম ৰয়ৰ পৃষ্ঠপোষকতাত কঁহৰাত নিৰ্মাণ কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসী অতিথি শালাটো ৷ এই বিলাসী অতিথিশালাটোৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছিল প্ৰায় ৪০ খনকৈ গাঁও সামৰি বৃহত্তৰ কাজিৰঙা পানী যোগান প্ৰকল্প ৷এটা সময়ত এই বৃহৎ প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হ’ল ৷অতিথিশালাটোৰ নিৰ্মাণৰ কাম কিছু অসম্পূৰ্ণ হৈয়েই ৰ’ল যদিও প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে এই অতিথিশালাটো আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰাৰ লগতে অতিথিশালাটোত এটা ৰাত্ৰিযাপন কৰিও যায় ৷ অতিথিশালাটোৰ কাহিনী সেই তেতিয়াৰ পৰাই সমাপ্তি ঘটিল ৷ইয়াৰ পাছত কোনো ৰহস্যজনকেই হওঁক বা নামহীন কাৰণতেই হওঁক সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল এই প্ৰকল্পটোৰ সমূহ কাম কাজ ৷এতিয়া এই সমগ্ৰ এলেকাটোত বিৰাজ কৰিছে এক জয়াল পৰিবেশ ৷ ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ গৈ আছে এই বৃহৎ মূল্যৰ ৰাজহুৱা সম্পত্তি ৷এই এলেকাটো এতিয়া পৰিণত হৈছে মদ-জুৱা- চোৰৰ লগতে বিভিন্ন অসামাজিক কৰ্মৰ আদ্দাস্থলীলৈ ৷ ৷ৰাজহুৱা সম্পত্তিৰ এই বৃহৎ অপচয়ত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ উঠিছে বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজ ৷ সকলোৱে এই পানী যোগান প্ৰকল্পটোৰ লগতে ৰাজ্যৰ বিকল অৱস্থাত থকা তিনিহাজাৰতকৈ অধিক পানী যোগান প্ৰকল্পক পুনৰ কাৰ্যক্ৰম কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *