জখলাবন্ধা আৰক্ষীৰ অভিযানত জব্দ ৩৫০ কি: গ্ৰা: আগৰ কাঠ । বিলাসী বাহন সহ আটক দুজনক।

কলিয়াবৰ, ২৩ ছেপ্টেম্বৰ: জখলাবন্ধাত আগৰ কাঠ ভৰ্তি এখন আৰ্টিগা গাড়ী জব্দ ৷ বাহনখনৰ পৰা জব্দ হয় ২২ বস্তা আগৰ ৷ জব্দকৃত আগৰখিনিৰ ওজন ৩৫০ কিলোগ্ৰাম ৷ উল্লেখ্য যে বিলাসী বাহনত চোৰাং কৈ সৰবৰাহ কৰা আগৰ কাঠ সহ বাহন খন দেওবাৰে নিশাই জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে। গোলাঘাটৰ পৰা হোজাই লৈ বুলি আগৰ কাঠ চোৰাং কৈ সৰবৰাহ কৰিছিল বাহন খনৰে। গোপন খবৰৰ ভিত্তিত জখলাবন্ধাত আৰক্ষীয়ে নিশা আগৰ কাঠ সহ জব্দ কৰা বাহন খনৰ পঞ্জীয়ন নম্বৰ হ’ল AS 07 H 8883. অন্যহাতে জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰা বাহন সহ আগৰ কাঠৰ ঘটনাটো ৰহস্য জনক ভাবে সংবাদ মাধ্যমৰ পৰা লুকুৱাবলৈ চেষ্টা চলাইছিল যদিও সাংবাদিকে বাহন খনৰ অবস্থিতি ধৰা পেলোৱাত মুখ খুলিবলৈ বাধ্য হয় জখলাবন্ধা আৰক্ষী। ইয়াৰ পাছতে জব্দ কৰা বাহন খনক লৈ তৎপৰতা বৃদ্ধি পাই জখলাবন্ধা আৰক্ষীৰ। বাহন খনৰ সৈতে দুজন লোকক আৰক্ষীয়ে নিশাই আটক কৰে। আৰ্টিগা বিলাসী বাহনত ২২ বস্তা আগৰ কাঠ সহ আটকাধীন লোক দুজন ক্ৰমে মহিবুল হুছেইন আৰু কমৰুল চৌধুৰী। দুয়োৰে ঘৰ দেৰগাঁৱত বুলি আৰক্ষীয়ে জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *