কাজিৰঙাত বান,পূৰ্বৰ সময়ত পৰ্যটকৰ বাবে মুকলি নহয় কাজিৰঙা

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা, ২১ ছেপ্টেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৱতৰীয়া বান ৷ বিলম্ব হোৱাৰ সম্ভাৱনা ২০১৯-২০ চনৰ পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ সময় ৷ বন বিভাগৰ সূত্ৰ মতে ব্ৰহ্মপুত্ৰ আৰু ডিফলু নদীৰ পানীয়ে পুনৰ প্লাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বানে ৰাষ্ট্ৰীয় উদ্যান খনৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ আন একাংশ এলেকাৰ লগতে পৰ্যটক পথৰ একাংশ এলেকা সমূহ বুৰাই পেলাইছে ৷ গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাটো সম্পুৰ্ণ বতৰৰ ওপৰত নিৰ্ভৰ কৰিব ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যান খনৰ পানী শুকুৱাৰ পাছতহে পৰ্যটক পথ বিলাক মেৰামতি কৰিব পৰা যাব ৷ অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাম আৰম্ভ কৰিলে মাহটোৰ মাজভাগত ৰাষ্ট্ৰীয় উদ্যান খন পৰ্যটকৰ বাবে মুকলি কৰিব পৰা হ’ব ৷ ২০১৯-২০ পৰ্যটন বৰ্ষ মুকলিৰ তাৰিখ আগন্তুক দহ দিনৰ বতৰৰ ওপৰতহে নিৰ্ভৰ কৰিব বুলি মত প্ৰকাশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ ৷ উল্লেখ যে, ২০১৮-১৯ পৰ্যটন বৰ্ষত কাজিৰঙালৈ আগমন ঘটিছিল ১৭৬১৮১ গৰাকী দেশী – বিদেশী পৰ্যটকৰ। ইয়াৰে, ১৬৮৭৩৮ গৰাকী দেশী পৰ্যটকৰ বিপৰীতে ৭৪৪৩ গৰাকী বিদেশী পৰ্যটকে কাজিৰঙা দৰ্শন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *