“ৰত্নাকৰ”ৰ প্ৰচাৰত কলিয়াবৰত যতীন-বৰষা

কলিয়াবৰ,১৮ ছেপ্টেম্বৰ:জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ পাছতেই যতীন বৰাৰ “ৰত্নাকৰ”লৈ বিপুল সঁহাৰি নৱপ্ৰজন্মৰ । অহা ১১ অক্টোবৰত অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব অসমীয়া কথাছবি “ৰত্নাকৰ” এ । এই কথাছবি খনৰ প্ৰচাৰক লৈ এতিয়া ব্যস্ত হৈ পৰিছে কথাছবি খনৰ অভিনেতা-অভিনেত্ৰী সকলৰ লগতে কলা-কুশলী সকল । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছবিখনৰ প্ৰচাৰ আৰম্ভ হৈছে । বুধবাৰে কথা ছবিখনৰ প্ৰচাৰৰ বাবে কলিয়াবৰৰ গান্ধী খেলপথাৰত উপস্থিত হয় ৰত্নাকৰ কথা ছবিখনৰ কলা -কুশলী সকল । কথাছবি খনৰ পৰিচালক তথা অভিনেতা যতীন বৰা, অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগতে আন আন কলা-কুশলী সকলক কাষতে পাই উৎফুল্লিত হৈ পৰা দেখা গ’ল কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ লগতে ৰাইজক । অসমীয়া কথাছবিৰ এনে প্ৰচাৰ কাৰ্য্যৰ পদক্ষেপ দেখি অভিভূত হৈ পৰিছে ৰাজ্যৰ যুৱ প্ৰজন্মৰ লগতে ৰাইজ । সকলোৱে যেন কাঞ্চন জংঘাৰ দৰে ৰত্নাকৰ কথাছবি খনকো আঁকোৱালি লৈ অসমীয়া ছবি জগতৰ এই যাত্ৰাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে সহায় সহযোগিতা আগবঢ়াই তাৰে কামনা কৰিছে ছবি খনৰ পৰিচালক তথা কলা-কুশলী সকলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *