কলিয়াবৰত নৃশংস হত্যাকাণ্ড, স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৯ অক্টোবৰ: কলিয়াবৰত আজি পুৱাতেই সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড । স্বামীয়েই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে পত্নীক । এই নৃশংস ঘটনাটো সংঘটিত হৈছে কলিয়াবৰৰ উলুৱনী আৰক্ষী থানাৰ এলেকাধীন হাতীবন্ধা গাঁৱত । শ্ৰীকান্ত দাস নামৰ ব্যক্তিজনে অতি নিষ্ঠুৰতাৰে দাৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰিলে নিজৰেই পত্নী দুৰ্লভী দাসক । ইতিমধ্যে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্ত ব্যক্তি শ্ৰীকান্ত দাসক হত্যাকাণ্ডত ব্যৱহৃত দা খনৰ সৈতে আৰক্ষীয়ে আটক কৰে । পাৰিবাৰিক সংঘাতৰ বাবেই এই নৃশংস হত্যা কাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত জানিবলৈ দিছে যদিও আৰক্ষীৰ নিৰপেক্ষ তদন্তহে এই নৃশংস হত্যা কাণ্ডৰ প্ৰকৃত তথ্য পোহৰলৈ আনিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা সচেতন মহলে ৷