বোকাখাতত চিকিৎসকৰ ভূল পৰীক্ষাৰ বলি কাজিৰঙাৰ ৰোগী
 
                নিউজ ডেস্ক, কাজিৰঙা লাইভ,১৪ অক্টোবৰ : 
 বোকাখাতত ৰোগীৰ জীবনক লৈ হেতালি খেলিছে বোকাখাত মডাৰ্ণ  এক্স-ৰে আৰু আলট্ৰাচাউণ্ড  নামৰ প্ৰতিষ্ঠানটোৱে। এক্সৰে- আলট্ৰাচাউণ্ডৰ নামত ভুলকৈ ৰিপৰ্ট দি ৰোগীক বিপদত পেলাইছে প্ৰতিষ্ঠানটোৱে। বোকাখাতৰ চিকিৎসক ডিম্বেশ্বৰ তামুলী মালিকাধীন প্রতিষ্ঠানটোৱে  কাজিৰঙাৰ এজন ৰোগীক দিয়া ভুল ৰিপৰ্টে পোহৰলৈ আনিছে  চাঞ্চল্যকৰ এই ঘটনা। অভিযোগ মতে, যোৱা ২ অক্টোবৰ তাৰিখে  কাজিৰঙা ৰঙাজানৰ সীতাৰাম কৰ্মকাৰ নামৰ এজন বৃদ্ধৰ বহু দিনৰে পৰা হৈ থকা পেটৰ বিষৰ পৰিপ্ৰেক্ষিতত এটা আলট্ৰাচাউণ্ড  কৰাইছিল বোকাখাতৰ মডাৰ্ণ এক্স-ৰে আৰু আলট্ৰাচাউণ্ড নামৰ প্ৰতিষ্ঠানটোত। প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা চিকিৎসক ডিম্বেশ্বৰ তামুলীয়ে সীতাৰাম  কৰ্মকাৰৰ পেটত গেছ হোৱা বুলি এটা ৰিপৰ্ট দিয়ে। সেই ৰিপৰ্টৰ ভিত্তিত  সীতাৰাম কৰ্মকাৰ নামৰ লোকজনৰ চিকিৎসা  কৰি কোনো সু-ফল নোপোৱাত ৰোগীৰ পৰিয়ালৰ লোকে সীতাৰাম কৰ্মকাৰক নুমলীগড় বিবেকানন্দ চিকিৎসালয়লৈ নিয়ে। চিকিৎসালয়ত চিকিৎসকে বোকাখাতৰ মডাৰ্ণ এক্স-ৰে আৰু অালট্ৰাচাউণ্ড নামৰ প্ৰতিষ্ঠানটোৰ ৰিপৰ্টত ভুল আছে বুলি কৈ যোৰহাট অথবা নগাঁৱত এবাৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। পৰৱৰ্তী সময়ত নগাঁৱত পৰীক্ষা কৰোতে ধৰা পৰে প্ৰকৃত ৰোগ। নগাঁৱত কৰা পৰীক্ষাৰ  অালট্ৰাচাউণ্ডৰ ৰিপৰ্ট মতে, সীতাৰাম কৰ্মকাৰৰ  এপেণ্ডিক্স বাঢ়ি বাঢ়ি ফাটি যোৱাৰ ফলতেই  অত্যাধিক পেটৰ বিষ হয়। নগাঁৱৰ চিকিৎসকৰ মতে সীতাৰাম কৰ্মকাৰক চিকিৎসালয়লৈ নিয়াত আৰু যদি দুদিন পলম  হোৱা  হলে তেখেতক আৰোগ্য কৰিবলৈ কঠিন হল হয়। নগাঁও চিকিৎসালয়ত ততাতৈয়াকৈ অপাৰেচন কৰাৰ বাবে প্ৰাণ ৰক্ষা পৰে সীতাৰাম কৰ্মকাৰৰ। উল্লেখ যে, ৰোগীৰ জীৱনকলৈ হেতালি খেলা চিকিৎসক ডিম্বেশ্বৰ তামুলীৰ লগতে উল্লেখিত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উপযুক্ত শাস্তিমুলক ব্যৱস্থা  গ্ৰহণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালটিয়ে ৷ আনহাতে সংবাদ মাধ্যমৰ প্ৰশ্নত দায় সৰা মন্তব্য প্ৰদান কৰে চিকিৎসকজনে ৷



