বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটলৈ বন বিভাগৰ বিশেষ বঁটা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ অক্টোবৰ: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আগবঢ়োৱা বিশেষ সেৱাৰ বাবে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটক ৰাজ্যিক পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰিছে অসম চৰকাৰৰ বন বিভাগে ৷ অহা ৮ অক্টোবৰত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণী দিৱসত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটক এই বিশেষ সন্মান প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে বিগত সময়ত বানপানী আৰু অনান্য আপদ কালিন সময়ত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটে স্বেচ্ছাসেৱক হিচাবে সেৱা আগবঢ়াই আহিছিল ৷ ৰাষ্ট্ৰীয় উদ্যান খনত হোৱা বন্যপ্ৰাণীৰ গননা আৰু শেষতীয়াকৈ বন বিভাগৰ দ্বাৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজন কৰা গঁড়ৰ খৰ্গ জ্বলোৱা অনুষ্ঠানতো সমবেত জনসাধাৰণক সেৱা আগবঢ়াইছিল জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ ছাত্ৰ ছাত্ৰী সকলে ৷ বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত যান বাহনৰ গতি নিয়ন্ত্ৰন কৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বনকৰ্মী পৰিবহন বিভাগ আৰু আৰক্ষীকো সহায় কৰিছিল এই গোটৰ স্বেচ্ছাসেৱক সকলে ৷ ইয়াৰ উপৰিও কাজিৰঙাৰ এনিমেল কৰিডৰত যান বাহনৰ পৰা পেলাই যোৱা জাৱৰ আৰু বিভিন্ন অৱৰ্জনা পৰিস্কাৰ কৰি এক নিদৰ্শন দাঙি ধৰিছিল এই গোটৰ ছাত্ৰ ছাত্ৰী সকলে ৷ অসম চৰকাৰৰ বন বিভাগে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটক এই সন্মানৰ নিৰ্বাচন কৰাত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক কৰ্মচাৰী সকলো উৎফুল্লিত হৈ পৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *