মহানায়কৰ মহাপ্ৰস্থানত … লেখা: পবিত্ৰ বৰবৰা, সভাপতি, গোলাঘাট জিলা সাহিত্য সভা

অসমৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা,সাহিত্য আৰু সংবাদ জগতৰ ধ্ৰুৱতৰা স্বৰূপ,সাহিত্য আকাডেমীকে ধৰি ৰাষ্ট্ৰীয় আৰু অসমৰ বহু অনুষ্ঠানৰ বঁটাৰে সন্মানিত,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱৰ পৰলোক প্ৰাপ্তিত আমি গভীৰ দুখ পাইছোঁ ৷তেখেতৰ বিয়োগত অসমৰ সাহিত্য,সংবাদ জগতৰ লগতে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি হ’ল ৷জাতিৰ মহীৰূহ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷পৰিয়ালবৰ্গ আৰু তেখেতৰ আত্মীয় সকলোলৈকে শোক সমবেদনা জ্ঞাপন কৰিলোঁ ৷
শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি দেৱক ব্যক্তিগতভাৱে বহুবাৰ লগ পাইছোঁ ৷তেখেত অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পূৰ্ব কালৰ এটা সময়ৰ স্মৃতিয়ে মোক বৰকৈ আমনি কৰিছে ৷সেই সময়ত অসম চৰকাৰৰ জনসংযোগ বিষয়া আমাৰ ভোলাগুৰিৰ সন্তান সত্যেন গগৈ দেৱৰ লগত তেখেত হেঙেৰাবাৰীৰ এটা ঘৰত আছিল ৷মই বন্ধু হেমেন হাজৰিকাৰ সৈতে সত্যেন গগৈ দাদাৰ লগত আগতীয়া যোগাযোগ কৰি বৰগোহাঞি চাৰক গোলাঘাট জিলা সাহিত্য সভাৰ দৈয়াং অধিৱেশনলৈ মুখ্য অতিথি হিচাপে মাতিবলৈ গ’লোঁ ৷তেখেত আমাৰ ওচৰত উপস্থিত হৈ আমাৰ উদেশ্যৰ কথা জানি ক’লে–’মই সাহিত্য সভাৰ কাম-কাজবোৰ বেয়া পাওঁ ৷কাৰণ সাহিত্য সভাই সভাবোৰত গামোচা পিন্ধাওতেই এঘন্টামান কৰে ৷সময়ৰ মূল্য নুবুজে ৷এক বজাৰ সভা পতেগৈ দুই-তিনি বজাত ৷মানুহবোৰৰ কিছুমান পদলোভী ৷সেয়ে সাহিত্য সভাৰ পৰা কোনোবাই মাতিলেও মই নাযাওঁ ৷’ আমি তেখেতৰ কথাত থমকি ৰৈছিলোঁ আৰু কৈছিলোঁ ’চাৰ আপুনি বেয়া পোৱা কাম আমি নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিছোঁ ৷মেৰাপানী অসমৰ সীমান্ত অঞ্চল আৰু তাতেই অধিৱেশন হ’ব ৷সীমান্ত সমস্যাত জৰ্জৰিত হৈ থকা ৰাইজে আপোনাক বিচাৰিছে ৷’আমি তেখেতে কোৱা কথা মানি চলাৰ কথা কোৱাত আৰু মেৰাপানীৰ ৰাইজৰ কথা কোৱাত তেখেতে ক’লে–’মই আঁতৰৰ পৰা চাই আছোঁ ৷গোলাঘাট জিলা সাহিত্য সভাই কাম কৰা দেখিছোঁ ৷তাৰ বাবেই মই সাহিত্য সভালৈ প্ৰথম বাৰৰ বাবে যাম ৷’তেখেত সত্যেন গগৈৰ লগত সভালৈ আহিল ৷জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে মই সভাৰ সময় ৰক্ষা কৰিব পাৰিলোঁ ৷অতি দ্ৰুত গতিত গামোচা পিন্ধোৱা পৰ্ব শেষ কৰিলোঁ ৷সকলো মানি চলোতেও সভাৰ উদ্বোধক চৈয়দ মালিক চাৰক ৰাইজে বেৰিকুৰি থকাত মঞ্চত উঠাত দুই-এক মিনিট পলম হ’ল ৷ঘোষণাকে লেহম গতিত কৰি সময়তো মিলাই পেলালোঁ ৷বৰগোহাঞি চাৰে আমাৰ বুদ্ধিটো গম পালে ৷মালিক চাৰক হাঁহি মাৰি ক’লে–’মালিক ককাইটি ক’তনো হেৰাগৈ ৷’এইবোৰ কথাই আজি বৰকৈ আমনি কৰিছে ৷অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত তেখতৰ লগত বহু সভা-সমিতিত উপস্থিত থকাৰ আৰু অন্তৰঙ্গ আলাপৰ সুযোগ পাইছিলোঁ ৷সেইবোৰ স্মৃতিৰ পটত ভাঁহিব লাগিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *