বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ নৱ-নিৰ্বাচিত সমিতিৰ দায়িত্বভাৰ গ্ৰহণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ মে’: অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত,বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ নৱ-নিৰ্বাচিত সমিতিখনে আজি অনুষ্ঠুপীয়াকৈ দায়িত্বভাৰ গ্ৰহণ কৰে ৷ সম্পূৰ্ণ কভিড প্ৰট’কল মানি বোকাখাত পূজা মণ্ডপত অনুস্থিত সভাত সভাপতিত্ব কৰে মহকুমা সাংবাদিক সংস্থাৰ সদ্য প্ৰাক্তন সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ সম্পাদক নীলু আৰ্চাযই আৰম্ভণিতে সদ্য প্ৰয়াত কথাশিল্পী হোমেন বৰগোহাঞি, শিশু ৰাম পেগু আৰু উত্তম বৰদলৈৰ প্ৰতি সন্মান জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতেই কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত যোৱা ১০ এপ্ৰিলত হৈ যোৱা অধিবেশনত নিৰ্বাচিত হোৱা নতুন সমিতিখনে আজি সম্পূৰ্ণ কভিড প্ৰটকল ৰক্ষা কৰি সীমিত সংখ্যক সদস্যৰ উপস্থিতিৰে শপত বাক্য পাঠ কৰোৱাই সভাৰ সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ সভাতে সম্পাদক নীলু আচাৰ্যই কভিড পৰিস্থিতি সাম কাটিলে পৰৱৰ্তী পূৰ্ণাংগ সভাখন বাদুলিপাৰত অনুষ্ঠিত হব বুলি উল্লেখ কৰি প্ৰয়াত কবি, সাংবাদিক পুতুল হাজৰিকা স্মাৰক ব্ক্তূতা, নতুন সদস্য ভৰ্ত্তি , নবীকৰণ, বিগত অধিবেশনৰ মোটামুটি এটি হিচাপ দিয়াৰ উপৰিও বোকাখাত মহকুমা সাংবাদিক সন্থাৰ এক সাহায্য নিধি গঠনৰ কথা উল্লেখ কৰি সম্পাদকে পাঁচ হাজাৰ টকা দিয়াৰ কথা উল্লেখ কৰে। সভাত মহকুমা সাংবাদিক সন্থাৰ নৱ -নিযুক্ত সভাপতি বুবুল দত্ত, পৱন কামানৰ লগতে প্ৰদীপ হাজৰিকাইও বিভিন্ন বিষয়ত বক্তব্য দাঙি ধৰে ৷সভাতে কেবিনেট মন্ত্ৰী অতুল বৰা আৰু মহকুমাধিপতিক প্ৰতি মাহত এবাৰকৈ মহকুমাটোৰ সমস্যা সম্পৰ্কত অৱগত কৰোৱা,ৰাইজমেলৰ জৰিয়তে ৰাইজে দিয়া অভিযোগৰ বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণত হেচাঁ দিয়া,বিয়লি ২ বজাৰ পৰা ৪ বজালৈ সন্থাৰ কাৰ্যালয় খুলি ৰখা,বোকাখাতৰ সাংবাদিক সংগঠনক লৈ এক ঐক্য মঞ্চ গঠন কৰাৰ সিদ্ধান্ত লয় ৷ পূৰ্বে অনুস্থিত সাধাৰণ সভাত বুবুল দত্তক সভাপতি আৰু নীলু আচাৰ্যক সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন হৈছিল । আজিৰ শপত গ্ৰহণ অনুষ্ঠানত জিতু শৰ্মা ৰাজখোৱা, বুবুল দত্ত, নীলু আচাৰ্য, অমৰ শৰ্মা, সৰুধন মৰাং, পলিমা চেতিয়া বসুমতাৰী,প্ৰদ্যুত মহন্ত, বিতুপন বৰা,প্ৰদীপ হাজৰিকা, মাধৱজ্যোতি দত্ত, পৱন কামান, প্ৰনৱ শইকীয়া, আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *