বোকাখাতত এইচ পি গেছ এজেন্সীত খাদ্য সামগ্রী বিতৰণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ এপ্ৰিলঃ বোকাখাত নগৰৰ ডিফলু পথত থকা মেচাৰ্চ এইচ, পি, গেছ এজেন্সীৰ স্বত্বাধিকাৰী তথা সমাজকৰ্মী শম্ভু দেৱে আজি তেওঁৰ প্ৰতিষ্ঠানত উজ্বলা গেছ হিতাধিকাৰী সকলক ব্যক্তিগত ভাবে চাউল, দাইল, চাবোন, বিস্কুট আদিৰ প্ৰায় ১০০ টা টোপোলা বিতৰণ কৰে৷ জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাৰ যোগেদি শুভাৰম্ভ কৰা এই বিতৰণত শম্ভু দেৱে সাম্প্ৰতিক সময়ৰ প্ৰতিকূল পৰিবেশৰ দোহাই দি ৰাইজক সামাজিক দূৰত্ব মানি চলিবলৈ অনুৰোধ জনায় । তেখেতে তেওঁৰ প্ৰতিষ্ঠানত সকলো ৰাইজৰ বাবে কৰি ৰখা হাত ধুৱাৰ সু-ব্যবস্থাৰ সমান্তৰালভাৱে জনসাধাৰণৰ মাজত গ্ৰহণ কৰা সজাগতা মূলক পদক্ষেপ সকলোৰে বাবে আদৰ্শণীয় ৷ ব্যৱসায়ী জনৰ এনে বদান্যতা তথা সজাগতাৰ শলাগ লৈছে স্থানীয় জনসাধাৰণে ৷