বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্রীড়া সপ্তাহৰ শুভাৰম্ভ ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ ফেব্ৰুৱাৰীঃ বোকাখাতৰ অন্যতম শিক্ষানুষ্ঠান বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ আজি শুভাৰম্ভ হয়। সেই উপলক্ষে ছাত্র ছাত্ৰীসকলে মাৰ্চ পাষ্ট, সমৰকলাৰ প্ৰদৰ্শন, নৃত্য আদি পৰিবেশন কৰে৷ অলিম্পিক শিখা প্ৰজ্বলন, ব্যায়াম প্ৰদৰ্শন আদিৰ পাচতেই অধ্যক্ষ হেৰম্ব বাৰুকিয়ালে পাৰ চৰাই উৰুৱাই অনুষ্ঠান আৰম্ভ কৰাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি বসন্ত দত্তই বন্তি প্ৰজ্বলন কৰে। আনহাতে মহকুমা নিৰ্বাচন বিষয়া নিতিশা বৰা, সহঃআয়ুক্ত ৰনোন্ময় ভৰদ্বাজ, প্ৰাক্তন ছাত্ৰ প্ৰাঞ্জল বৰুৱা আৰু জেস্ঠ সাংবাদিক ভবানন্দ কলিতাই বিশিষ্ট অতিথি হিচাবে অংশগ্রহণ কৰে।
