বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন ।

বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ মহুৰা দিহিঙীয়া পথাৰৰ পৰা পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা লাইভ, ৫ ফেব্ৰুৱাৰী: গোলাঘাট জিলাৰ মহুৰা দিহিঙীয়া পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮৯সংখ্যক বাৰ্ষিক অধিৱেশনখনি আজিৰে পৰা আৰম্ভ হয় । অধিৱেশনৰ প্ৰথম দিনাই পুৱাৰ ভাগতে পৰিৱেশ নিকাকৰণ,প্ৰাত:প্ৰসঙ্গৰ পাছতেই “প্ৰজন্মৰ”সৌজন্যত মহুৰা আলি(মোহিনী ৰাজকুমাৰী)পথৰ দুয়োকাষে ৰমেশ কুমাৰ গগৈ,অৱণী বৰুৱা,নবীন দত্ত,চৈয়দ খাইৰুল ইছলাম,দেবেন্দ্ৰ নাথ ভুঞা,প্ৰণতি ঢেকিয়াল ফুকন,ৰশ্মি কাকতি,তেজশ্রী ফুকন,তিলেশ্বৰ বৰা,মহেশ্বৰ মৰাং,পদ্ম কছাৰীয়ে বৃক্ষৰোপণ কৰে। হৰি নামৰ ধ্বনি আয়তীৰ মঙ্গলময় উৰুলিৰে,ডবা-কাহৰ ধ্বনিৰে বোকাখাত জিলা শাখাৰ প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাই শাৰিৰীক অসুস্থতাৰ মাজতো আবেগিক হৈ পৰমানন্দ আতৈ সোঁৱৰণী মুল তোৰণৰ দ্বাৰ চেলেঙৰ গাঠি খুলি উদ্ঘাটন কৰে । দ্বাৰ উদ্ঘাটনৰ প্ৰাক মূহুৰ্তত পুৱাৰে পৰা মুল তোৰণৰ সন্মুখত শাৰী পাতি আই মাতৃ সকলে হৰি নামৰ ধ্বনিৰে সমন্বয় ক্ষেত্ৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে ।ইয়াৰ পাছতেই গোলাঘাট জিলা শাখাৰ প্ৰাক্তন শৰণ সদস্য লেখোৰাম বৰুৱাই প্ৰাক্তন জিলা সভাপতি ভোলা বৰুৱা সোঁৱৰণী নামঘৰ তোৰণ, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে প্ৰাক্তন জিলা সভাপতি দেবেন্দ্ৰ নাথ বৰা সোঁৱৰণী আদৰণী সমিতি তোৰণ,বোকাখাত বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকনে আদৰণী সমিতিৰ কাৰ্যলয়ৰ দ্বাৰ, শৰণ সদস্য মহেশ্বৰ ৰাজবংশীয়ে জিলা শাখাৰ দ্বাৰ, চক্ৰ বিষয়া খনিন্দ্ৰ কুমাৰ দাসে মুল কাৰ্যালয়ৰ দ্বাৰ,শঙ্কৰ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকৰ বাবে বিশেষ ব্যৱস্থাৰে সাজি উলিওৱা (মিচিং জনগোষ্ঠীয় চাংঘৰ) শংকৰ সংঘৰ জিলা শাখাৰ সভাপতি যোগেশ লইঙে, “আপকু”ৰ প্ৰতিস্থাপক সভাপতি ভবেশ শইকীয়াই ৰেমাকান্ত মৰাং সোঁৱৰণী গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীৰ তোৰণ,বিশিষ্ট সমাজকৰ্মী দেৰগাৱৰ ৰাজুমনি হুছেইনে প্ৰতিস্থাপক জিলা সভাপতি টংকেশ্বৰ হাজৰিকা সোঁৱৰণী বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণৰ দ্বাৰ উন্মোচন কৰে ,মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰন সদস্য সুধীৰ চন্দ্ৰ মৰাঙে প্ৰাক্তন পদাধিকাৰ অচ্যুত কৃষ্ণ মিশ্র সোঁৱৰণী প্ৰতিনিধি সভাকক্ষ ,সোনেশ্বৰ গগৈ,তোলন চন্দ্ৰ গগৈ,তৰামাই গগৈ সোঁৱৰণী তোৰণৰ দ্বাৰ বোকাখাত বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে ,কুলধৰ নাথ সোঁৱৰণী ভোজনালয়ৰ তোৰণৰ দ্বাৰ গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্পৰাগ সিঙে , আৰক্ষী উপ: মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই দিব্যজ্যোতি নাথ সোঁৱৰণী কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰৰ তোৰণৰ দ্বাৰ উদ্ঘাটন , গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে উদ্বোধন কৰে বৈষ্ণব পণ্ডিত সোনাৰম চুতীয়া আতা সোঁৱৰণী মুল মণ্ডপ আৰু মুক্তিযোদ্ধা বেণুৰাম বৰুৱা সোঁৱৰণী মূল মঞ্চ,২৮নং ধনশিৰি দিচৈ সমষ্টিৰ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য সুধীৰ চন্দ্ৰ মৰাঙে বাণিজ্য মেলাৰ তোৰণৰ দ্বাৰ ,বোকাখাত জিলা শাখাৰ মূলৰ সদস্য কুশল গগৈয়ে হৰিনাৰায়ণ বৰুৱা সোঁৱৰণী প্ৰতিনিধি শিবিৰৰ তোৰণৰ দ্বাৰ , জিলা স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা:টফিকুৰ হুছেইনে মুহিকান্ত দলে সোঁৱৰণী চিকিৎসা সেৱা শিবিৰৰ তোৰণৰ দ্বাৰ, মহকুমা আৰক্ষী বিষয়া কল্যান কুমাৰ দাসে শ্বহীদ দ্ৰোণকান্ত দলে সোঁৱৰণী আৰক্ষী সেৱা শিবিৰৰ তোৰণৰ দ্বাৰ ,বিশিষ্ট লেখিকা অন্নদা শইকীয়াই পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আতা স্মাৰক তোৰণৰ দ্বাৰ ,জেষ্ঠ সাংবাদিক দ্বিপেন দত্তই বৈষ্ণৱ পণ্ডিত সোনাৰম চুতীয়া আতা সোঁৱৰণী নাট ঘৰ তোৰণৰ দ্বাৰ , বিশিষ্ট অভিনেতা অৰুন হাজৰিকাই প্ৰাক্তন শৰণ সদস্য ডিম্বেশ্বৰ বৰা সোঁৱৰণী নাটঘৰৰ দ্বাৰ, শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ সভাপতি তথা বোকাখাত অধিৱেশনৰ সমন্বয়ক পৱিত্ৰ প্ৰাণ বৰাই প্ৰচাৰ আৰু জনসংযোগ বিভাগৰ তোৰণৰ দ্বাৰ উদ্ঘাটন কৰাৰ লগতে প্ৰচাৰ বিভাগৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰিয়েই উল্লেখিত কাৰ্যালয়তেই সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,বিশিষ্ট সমাজ সেৱক,সু-লেখক সুৰেন বড়ি,আপকু গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহাঁই,প্ৰচাৰ আৰু জনসংযোগ উপ:সমিতিৰ সভাপতি প্ৰদীপ বৰা সহ ভালেকেইজন ব্যক্তিৰ উপস্থিতিত সমন্নয়ক পৱিত্ৰ প্ৰাণ বৰাই “ৰাইজৰ খবৰ”ৰ আজিৰ বিশেষ সংখ্যা উন্মোচন কৰে।উন্মোচনী সভাখনৰ আত দৰে প্ৰচাৰ আৰু জনসংযোগ উপ:সমিতিৰ সম্পাদক প্ৰদ্যুত মহন্তই।অধিবেশন স্থলীত ভকত বৈষ্ণৱে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তোলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *