যুৱ সাংবাদিক সন্থা অসমৰ বাৰ্ষিক বঁটা ঘোষণা, ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা

নিউজ ডেস্ক, কাজিৰঙা লাইভ,২১ নৱেম্বৰ ;
যুৱ শক্তি এক অদম্য শক্তি ৷ যি শক্তিৰ উদ্যোগ আৰু সু-সংগঠিত ,সংহতিগত চিন্তাই দেশ মাতৃ আৰু উত্তৰণৰ ঢাপত অৰিহনা যোগায় । উন্নয়নৰ সকলো পৰিসৰত যুৱ দক্ষতাৰ অৱদান অপৰিহাৰ্য্য ৷ সাংবাদিকতাৰ ক্ষেত্ৰখনত যুৱ সাংবাদিকৰ ভূমিকা আৰু অৰিহনা অতুলনীয় ৷ পৰিতাপৰ বিষয় যে সাময়িক প্ৰেক্ষাপটত সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যপ্ৰাপ্তিৰ বিষয়তো অতিকে আলোচ্য ৷ সেয়েহে ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা, অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ উক্ত অনুষ্ঠানতে যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ একোটাকৈ বিশেষ বঁটা আৰু সন্মান আগবঢ়াইছে ৷ এই সন্মান সমূহৰ ভিতৰত “সংবাদ শিৰোমণি”যুৱ সাংবাদিক বঁটা আৰু সন্মান লাভ কৰিছে ক্ৰমে শোণিত কুমাৰ ভূঞা , জইন এডিতৰ , প্ৰতিদিন টাইম আৰু ৰাজদ্বীপ বাইলুং বৰুৱা , এডিতৰিয়েল কনছালন্টেট নিউজ-১৮ অসম নৰ্থ ইষ্ট ৷ “শ্ৰেষ্ঠ নিউজ এংকৰ বনদ্বীপ গোস্বামী নিউজ লাইভ আৰু অঞ্জুমণি বৰদলৈ , প্ৰতিদিন টাইম , শ্ৰেষ্ঠ নিউজ প্ৰডিউচাৰ সন্মান লাভ কৰিছে ডি ৱাই ৩৬৫ ৰ অভিজিৎ গগৈ ৷ তদুপৰি “শ্ৰেষ্ঠ সাংবাদিকতা বঁটা লাভ কৰিছে দৈনিক জনমভূমি কাকতৰ সাংবাদিক অজয় শইকীয়াই ৷ “শ্ৰেষ্ঠ আলোকচিত্ৰ সাংবাদিকতা বঁটা ”লাভ কৰিছে ক্ৰমে জগদ্বীশ ভৰালী, নিয়মীয়া বাৰ্তা আৰু সৌৰভ দুৱৰা ,অসমীয়া প্ৰতিদিন ৷ ইয়াৰোপৰি পৰিবেশ আৰু বন্যপ্ৰাণী ,শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰত শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰা হ’ব জানিবলৈ দিয়ে যুৱ সাংবাদিক সন্থা, অসমৰ সভাপতি চন্দন দাস আৰু সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে ৷ যুৱ সাংবাদিক সন্থা, অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ বৰ্নাধ্য কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকিব ড°ৰীতা চৌধুৰী ৷ আনহাতে অহা ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া বঁটা প্ৰদান অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে সম্পাদক কাঞ্চনজ্যোতি গোহাইয়ে ৷