সুদীৰ্ঘ দহ বছৰৰ পাছত পৰ্যটকৰ বাবে পুনৰ মুকলি হল পানবাৰী সংৰক্ষিত বনাঞ্চল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ নৱেম্বৰ: সুদীৰ্ঘ দহ বছৰৰ পাছত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হল পানবাৰী সংৰক্ষিত বনাঞ্চল ৷ পৰ্যটকে খোজ কাঢ়ি এই বনাঞ্চলখনত প্ৰত্যক্ষ কৰিব পাৰিব ঝৰ্ণা, চৰাই, উদ্ভিদ,পখিলা, ভিন্ন প্ৰজাতিৰ মাছৰ লগতে বিভিন্ন প্ৰজাতিৰ বান্দৰ ৷ উল্লেখ্য যে, ২০০৯ চনৰ এপ্ৰিল মাহত পানবাৰী বনাঞ্চলত বন্যহস্তীৰ আক্ৰমণত এজন বিদেশী পৰ্যটক নিহত হোৱাৰ পাছতেই পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল এই সংৰক্ষিত বনাঞ্চল খন। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰে পুৱাতেই নাৰিকল ভাঙি মুকলি কৰিলে পানবাৰী সংৰক্ষিত বনাঞ্চলখন ৷ ৭.৬৫ বৰ্গ কিঃমিঃ মাটি- কালি সামৰি থকা এই বনাঞ্চলখন টুপী বান্দৰ আৰু হলৌ বান্দৰৰ বাসস্থান ৷ গদাধৰ সিংহই পূৰ্বতে এই স্থানত পানগছ ৰুইছিল বাবেই পানবাৰী নামেৰে পৰিচিত হোৱা এইখন বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ ঔষধী উদ্ভিদো পোৱা যায় ৷ ট্ৰেকিঙৰ লগতে জিপচীৰেও পৰ্যটকে কাজিৰঙাৰ লগতে পানবাৰীৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰিব ৷ পানবাৰী, মদাৰজুৰি আৰু নিৰ্মীয়মাণ ডাইভাৰ্চিটি পাৰ্ক সামৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷ কাজিৰঙালৈ অহা পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ সমান্তৰালভাৱে প্ৰাকৃতিক পৰিবেশত পানবাৰীতো নান্দনিক শোভা উপভোগ কৰিব পাৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *