দুদিনীয়া ভ্ৰমনসূচীৰে কাজিৰঙাত ৰাজ্যপাল জগদীশ মুখী

কাজিৰঙা লাইভ, বোকাখাত, ১৭ নৱেম্বৰ: দুদিনীয়া এক ব্যক্তিগত ভ্ৰমনসূচীৰে সপত্নীক বোকাখাতৰ বিহৰা চাহ বাগিচাত দেওবাৰে দিনৰ ভাগত উপস্থিত হয় ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী ৷ বিহৰা চাহ বাগিচাৰ অতিথিশালাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিয়লি কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত জীপ ছাফাৰী কৰে সপত্নীক ৰাজ্যপাল গৰাকীয়ে ৷ কাজিৰঙাৰ অগৰাতলি বনাঞ্চল দৰ্শন কৰি গঁড়, হাতী আৰু ম’হৰ লগতে হৰিণাৰ জাক আৰু ভিন্ন প্ৰজাতিৰ পক্ষী আদি দেখি আপ্লুত হৈ পৰে ৰাজ্যপাল গৰাকী ৷ চলিত বৰ্ষৰ বানে কাজিৰঙা ধুৱাই নিয়াৰ পাছত বৰ্তমান সময়ত কাজিৰঙালৈ স্বাভাৱিক পৰিবেশ ঘুৰি অহাৰ উপৰিও কাজিৰঙাত নতুনকৈ নিৰ্মাণ কৰা ৩৩ টা হাইলেণ্ডৰ বাবে চলিত বানত পূৰ্বৰ তুলনাত কম পৰিমানে বন্য জীৱজন্তু মৃত্যু হোৱা বুলি সাংবাদিকক মত ব্যক্ত কৰে ৷ দেওবাৰে নিশাটো বিহৰা চাহ বাগিচাৰ অতিথিশালাত কটাই সোমবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত ৰাজ্যপাল গৰাকীয়ে হাতী ছাফাৰী কৰাৰ উপৰিও বাগৰি বনাঞ্চলো পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷ সোমবাৰে কাজিৰঙা দৰ্শনৰ পাছতেই বিহৰা চাহ বাগিচাৰ অতিথিশালাত আহাৰ গ্ৰহণ কৰি পুনৰ গুৱাহাটীলৈ উভতিব ৰাজ্যপাল গৰাকী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *