ভূত বাংলাত পৰিণত কাজিৰঙাৰ অৰ্ধ নিৰ্মিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ অক্টোবৰ: বন্য জীৱজন্তুৰ আশ্ৰয় থলিলৈ ৰূপান্তৰিত হৈছে কাজিৰঙাৰ অৰ্ধ নিৰ্মিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ ৷ উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ দিনত ২০১১-১২ বিত্তীয় বৰ্ষত কাজিৰঙাৰ কহঁৰাত নিৰ্মান কৰিবলৈ লোৱা হৈছিল এখন উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ ৷ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগিয়া উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝিয়ে ৷ প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপন কৰিবলৈ লোৱাৰ সময়ত সকলোৱে আশা কৰিছিল যে আত্মসংস্থাপনৰ পথ মুকলি কৰিব পৰাকৈ কাজিৰঙাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ যুৱক যুৱতী সকলে কেন্দ্ৰটোৰ পৰা অৰ্হতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। কাৰণ প্ৰায় ৭৫ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছতে স্তব্ধ হৈ পৰিল নিৰ্মান কাৰ্য ৷ তাৰ পাছৰে পৰা তেনেদৰে পৰি থকা প্ৰশিক্ষণ কেন্দ্ৰটো এতিয়া আতংকৰ কাৰণ হৈ পৰিছে স্থানীয় ৰাইজৰ বাবে৷ হাবি জংঘলে আৱৰি ধৰা অৰ্ধ নিৰ্মিত গৃহৰ সৈতে সমগ্ৰ এলেকাটোত আশ্ৰয় লৈছে নাহৰফুটুকী বাঘ, সাপকে ধৰি আন বহু বন্য জীৱজন্তুৱে ৷ এক বৃহৎ এলেকা সামৰি নিৰ্মান কৰা উদ্যোগিক কেন্দ্ৰটোত আশ্ৰয় লৈ বাঘে কৰিছে ঘৰচীয়া জীৱজন্তুৰ চিকাৰ ৷ নিশাটো বাদেই দিনৰ ভাগতো তাৰ কাষ চাপিবলৈও শংকিত হৈছে স্থানীয় ৰাইজ । কংগ্ৰেছ চৰকাৰৰ পাছত শাসনলৈ অহা বিজেপি চৰকাৰক চৰকাৰী আঁচনি খন সন্পূৰ্ণ কৰিবলৈ বহুবাৰ আৱেদন নিবেদন জনালে স্থানীয় ৰাইজে ৷ প্ৰাক্তন মন্ত্ৰী পল্লৱলোচন দাস, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ গৌৰৱ গগৈয়ে এলেকাটো পৰিদৰ্শন কৰি ৰাইজক আশ্বাসো দিলে ৷ কিন্তু কাৰ্যত একোৱেই নহ’ল ৷ আনহাতে, স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই বিভিন্ন সময়ত চৰকাৰক বিষয়টো দৃষ্টিগোচৰ কৰাই আহিছে যদিও বিভাগীয় মন্ত্ৰীৰ ভূমিকা শূণ্য। ইয়াকে লৈ ক্ষোভিত ৰাইজে উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৷